জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ই. এন. শ্বীজা
ই. এন. শ্বীজা কেৰালাৰ এগৰাকী ভাৰতীয় মালয়ালম ভাষাৰ লেখক। তেওঁ মূলতঃ শিশু সাহিত্য ধাৰাত লিখে। তেওঁ কেৰালা ৰাজ্যিক শিশু সাহিত্য প্ৰতিষ্ঠানৰ বঁটা, শিশু সাহিত্যৰ বাবে কেৰালা সাহিত্য অকাডেমী বঁটা, শিশু সাহিত্যৰ শ্ৰেষ্ঠ কামৰ বাবে কেৰালা ৰাজ্যিক বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ বঁটা আৰু কেৰালা চৰকাৰৰ…
-
ইউছুফ এষ্টেছ
ইউছুফ এষ্টেছ (জন্ম: ১৯৪৪) এজন আমেৰিকান মুছলিম যাজক, যিজনে ১৯৯১ চনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। তেখেতে ১৯৯০ চনৰ পৰা "যুক্তৰাষ্ট্ৰ কাৰা ব্যুৰো" নামৰ প্ৰতিষ্ঠানৰ যাজক আছিল।
-
ইকুয়ে আছাজাকি
ইকুয়ে আছাজাকি (朝崎 郁恵, ইংৰাজী: Ikue Asazaki; ১১ নবেম্বৰ ১৯৩৫) এগৰাকী জাপানৰ লোক-গায়ক৷ তেওঁ কাগোছিমাৰ চেটৌচিত আমামি দ্বীপপুঞ্জত ডাঙৰ-দীঘল হৈছিল৷ এই আমামি পৰম্পৰাগত সংগীত ধাৰা শ্বিমা-উটাৰ জনপ্ৰিয় গায়কৰ বাবে বিখ্যাত।
-
ইডা অডিংগা
ইডা বেটী অডিংগা (Ida Betty Odinga) কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাইলা অডিংগাৰ পত্নী, আৰু নেচনেল ছুপাৰ এলায়েন্স (নাছা)ৰ নেত্ৰী। ২০১০ চনত দ্য ষ্টেণ্ডাৰ্ডে কেনিয়াৰ এটা বৃহৎ কোম্পানীক নেতৃত্ব দিয়া প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম অডিংগাক ২০১০ চনত কেনিয়াৰ অন্যতম শক্তিশালী মহিলা হিচাপে ঘোষণা কৰে।
-
ইধিকা পাল
ইধিকা পাল (Idhika Paul; জন্ম: ২ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহত অভিনয় কৰে। তেওঁ বেছিভাগেই টলিউড আৰু ঢালিউড চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০২৪ চনত, তেওঁ একশ্যন নাট্যধৰ্মী ছবি খাদানত অভিনয়েৰে খ্যাতি লাভ কৰিছিল।
-
ইন্দিৰা অনন্ত মায়দেও
ইন্দিৰা অনন্ত মায়দেও (Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।
-
ইন্দিৰা শৰ্মা
ইন্দিৰা শৰ্মা (Indira Sharma) শিশু মনোৰোগ আৰু মহিলাৰ মানসিক স্বাস্থ্যৰ এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ। তেখেত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক আৰু মনোৰোগ বিভাগৰ মুৰব্বী। ২০১৩ চনৰ জানুৱাৰী মাহত তেখেত ভাৰতীয় মনোৰোগ সমাজৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।
-
ইন্দু বংগ
ইন্দু বংগ এজন ভাৰতীয় ইতিহাসবিদ, যিয়ে পঞ্জাৱৰ ইতিহাস বিশ্লেষণ কৰে৷ তেওঁ চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত কৰ্মৰত৷
-
ইন্দুমতী গোপীনাথন
ইন্দুমতী গোপীনাথন ( Indumati Gopinathan; জন্ম ২৩ মাৰ্চ ১৯৫৬) এগৰাকী বিখ্যাত ভাৰতীয় পেথ’লজিষ্ট। তেওঁ ডায়েগনষ্টিক মেডিচিন, চকুৰ অংকোপেথ'লজী আৰু গাইনেক'লজিকেল হিষ্ট'পেথ'লজীৰ বিশেষজ্ঞ।
-
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ এগৰাকী ভাৰতীয় অসামৰিক কৰ্মচাৰী, অৰ্থনীতিবিদ আৰু লেখিকা।
-
ইন্দ্ৰনাৰায়ণ
ইন্দ্ৰনাৰায়ণ (১৬৭৭ - ১৭২৫) সপ্তদশ-অষ্টদশ শতিকাৰ দৰঙৰ ৰজা। পিতৃ চন্দ্ৰনাৰায়ণ। এখেতৰ ককায়েক সূৰ্যনাৰায়ণক মোগলে ধৰি লৈ যোৱাৰ পাছত আহোমে এখেতক দৰঙৰ ৰজা পাতে। দৰং ৰাজ্যৰ পৰিসৰ এখেতৰ দিনতে ভালেখিনি টুটি আহে।।
-
ইপ্সিতা বিশ্বাস
ইপ্সিতা বিশ্বাস: Ipsita Biswas, এগৰাকী ভাৰতীয় টাৰ্মিনেল বেলিষ্টিক বিজ্ঞানী। ভাৰতৰ সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ২০১৯ চনত তেওঁক মহিলাৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ প্ৰদান কৰা হয়।
-
ইফ্ফত আৰা
শামসুন নাহাৰ ইফ্ফত আৰা (Shamsun Nahar Iffat Ara; জন্ম: ১৯৩৯) বা ইফ্ফত আৰা এগৰাকী বাংলাদেশী লেখক, সমাজ কৰ্মী আৰু সাহিত্য উদ্যোগী। ১৯৫০চনৰ শেষৰ ফালৰপৰা তেওঁ চুটি গল্প লিখিবলৈ আৰম্ভ কৰিছিল আৰু সেইবোৰ ‘দ্য আজাদ’ৰ দৰে বাংলাদেশৰ নামী কাকতত প্ৰকাশ হৈছিল।
-
ইবিজোক ফাব'ৰ'ড
ইবিজোক ফাব'ৰ'ড (Ibijoke Faborode) নাইজেৰিয়াৰ অ-লাভজনক ElectHER ৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।
-
ইব্ৰাহিম ৰাইছি
ছৈয়দ ইব্ৰাহিম ৰাইছি আল ছাদাতি (১৪ ডিচেম্বৰ ১৯৬০ – ১৯ মে' ২০২৪) আছিল এজন ইৰাণী ৰাজনীতিবিদ আৰু ন্যায়াধীশ। ২০২১ চনৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰিছিল আৰু ৩ আগষ্ট ২০২১ৰ পৰা ১৯ মে’ ২০২৪লৈ মৃত্যুৰ পূৰ্বলৈকে ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ইমন চক্ৰৱৰ্তী
ইমন চক্ৰৱৰ্তী (Iman Chakraborty, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ ফিল্মী, স্বতন্ত্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগত জড়িত। ইমন চক্ৰৱৰ্তীয়ে ২০১৭ চনত বঙালী ভাষাৰ ছবি 'প্ৰাক্তন'ত তেওঁৰ গীত "তুমি যাকে ভালোবাসো"ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয়…
-
ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা
ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ৰাজনীতিবিদ,তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ বাংগালুৰুৰ প্ৰাক্তন মেয়ৰ। তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষও।
-
ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা।
-
ইলতিজা মুফতি
ইলতিজা মেহবুবা মুফতি (ইংৰাজী: Iltija Mehbooba Mufti) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ কন্যা।
-
ইলা বৰগোহাঁই
ইলা বৰগোহাঁই (Ila Borgohain) অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাহিত্যিকগৰাকীক ২০২১ চনৰ অমল প্ৰভা দাস বঁটাৰে সন্মানিত কৰে।
-
ইলেক্ট্ৰা আৰু ইলাইছ
ইলেক্ট্ৰা আমেলিয়া আৱেলান আৰু ইলাইছ ইছাবেল আৱেলান (যমজ ভগ্নী, জন্ম: ১২ আগষ্ট ১৯৮৬) হৈছে ভেনিজুৱেলাৰ অভিনেত্ৰী। তেওঁলোকে ২০০৭ চনৰ Grindhouse চলচ্চিত্ৰত "Crazy Babysitter Twins" হিচাপে অভিনয় কৰাৰ বাবে জনাজাত। লগতে, ২০১০ চনৰ Machete চলচ্চিত্ৰত "মোনাৰ" আৰু "লিচা" নামৰ নাৰ্চ হিচাপে অভিনয় কৰিছিল।
-
ইৰাজ ঘাদেৰী
ইৰাজ ঘাদেৰি (জন্ম: ১৭ এপ্ৰিল, ১৯৩৪ – মৃত্যু: ৬ মে’, ২০১২) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ ফাৰ্মাচিষ্ট হ’বলৈ অলপ দিন অধ্যয়ন কৰিছিল, কিন্তু সোনকালেই কলেজ এৰি দিয়ে। ২০১২ চনৰ ৬ মে’ত ৭৭ বছৰ বয়সত তেহৰাণত তেওঁৰ মৃত্যু হয়।
-
ঈষাণা নাইট শ্যামলন
ঈষাণা নাইট শ্যামলন (জন্ম ১৯৯৯ বা ২০০০) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ পিতৃ এম নাইট শ্যামলনে প্ৰযোজনা কৰা ভয়ানক ছবি দ্য ৱাচাৰ্ছ (২০২৪)ৰ জৰিয়তে তেওঁ পৰিচালনাৰ দায়িত্বত আত্মপ্ৰকাশ কৰে।
-
উটাকো হানাজোনো
উটাকো হানাজোনো (Utako Hanazono; জানুৱাৰী ১৯০৫ – ১৯৮২) আছিল এগৰাকী জাপানী লেখিকা, আধুনিক নৃত্যশিল্পী, গেইছা আৰু তেওঁৰ পিছৰ বছৰবোৰত টামাই হানাজোনো নামৰ জাপানীজ পৰম্পৰাগত নৃত্যৰ মাষ্টাৰ।
-
উত্তম নাৰায়ণ
উত্তম নাৰায়ণ (১৬-১৭ শতিকা) সত্ৰাজিতৰ পুত্ৰ। সত্ৰাজিত পশ্চিম অসমৰ লোক আছিল। এখেতে কোচৰাজ্যৰ দক্ষিণ-পূৱ অংশৰ প্ৰাদেশিক শাসনকৰ্তা আছিল। ঢাকাৰ নবাবৰ প্ৰোৰচনাত কোচ ৰজাৰ সৈতে হাজোত যুঁজত অৱতীৰ্ণ হয়। নবাবৰ তলত পাণ্ডু আৰু গুৱাহাটীৰ থানাদাৰ নিযুক্ত হয়। মোগল-আহোমৰ যুঁজত মোগলৰ হৈ যুঁজিছিল।
-
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী সকল, চৰকাৰী ৱেবছাইট
-
উদয়া সৌন্দৰী
উদয়া সৌন্দৰী (জন্ম ২৮ এপ্ৰিল ১৯৮৮) এগৰাকী ছিংগাপুৰিয়ান নাৰী তথা ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু দূৰদৰ্শন উপস্থাপক। তেওঁ পৰন্ধু ছেলা ভা (২০১৬) আৰু এ ইয়েল্লো বৰ্ড (২০১৬) চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ প্ৰধানা বিজা মহোৎসৱত একেটা বছৰত তিনিটা বঁটা জয় কৰা প্ৰথম ছিংগাপুৰিয়ান ব্যক্তি।
-
উবাহ আলী
উবাহ আলী (: Ubah Ali,জন্ম ১৯৯৬ ) ছমালিলেণ্ডৰ এগৰাকী সমাজ কৰ্মী আৰু নাৰীবাদী, যিয়ে নাৰীৰ যৌনাংগ বিকৃতিৰ বিৰুদ্ধে প্ৰচাৰ চলায়। ২০২০ চনত বিবিচিয়ে তেওঁক বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰে।
-
উমা আলট’নেন
উল্লা-মাইজা "উমা" আলট’নেন (২৮ আগষ্ট ১৯৪০, ভিহটি – ১৩ জুলাই ২০০৯, হেলচিংকি) এগৰাকী ফিনলেণ্ডৰ লেখক, সাংবাদিক আৰু গ্ৰীণ লীগৰ ৰাজনীতিবিদ আছিল।
-
উমা তুলি
উমা তুলি (Uma Tuli) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু দিল্লীস্থিত বেচৰকাৰী সংস্থা অমৰ জ্যোতি চেৰিটেবল ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক, যিয়ে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ পুনৰ্বাসনৰ বাবে কাম কৰে। ২০১২ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।