অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিছা ব্লচ

এলিছা ব্লচ ( Elisa Bloch) এগৰাকী চিলেচিয়ান-ফৰাচী ভাস্কৰ্য্যশিল্পী আছিল। তেওঁৰ জন্ম আনুমানিক ১৮৪৮ চন আৰু মৃত্যু আনুমানিক ১৯০৪ বা ১৯০৫ চন। তেওঁ পাব্লিক ইনষ্ট্ৰাকচন বিষয়া, অৰ্ডাৰ অৱ দ্য লিবাৰেটৰৰ কমাণ্ডাৰ আৰু চেভালিয়াৰ অৰ্ডাৰ অৱ দ্য ড্ৰেগন অৱ আন্নাম আছিল।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

এলিছা ব্লচ ( Elisa Bloch) এগৰাকী চিলেচিয়ান-ফৰাচী ভাস্কৰ্য্যশিল্পী আছিল। তেওঁৰ জন্ম আনুমানিক ১৮৪৮ চন আৰু মৃত্যু আনুমানিক ১৯০৪ বা ১৯০৫ চন। তেওঁ পাব্লিক ইনষ্ট্ৰাকচন বিষয়া, অৰ্ডাৰ অৱ দ্য লিবাৰেটৰৰ কমাণ্ডাৰ আৰু চেভালিয়াৰ অৰ্ডাৰ অৱ দ্য ড্ৰেগন অৱ আন্নাম আছিল।

এলিছা ভাস্কৰ্য শিল্পী হেনৰী চাপুৰ ছাত্ৰী আছিল। ১৮৭৮ চনত তেওঁ নিজৰ প্ৰতিষ্ঠানত তেওঁৰ প্ৰথম ভাস্কৰ্য প্ৰদৰ্শনী কৰিছিল, বিষয়বস্তুবোৰ আছিল, এম ব্লচৰ মেডেলিয়ন প্ৰতিকৃতি; তাৰ পাছত “আশা’’, “সোণালী যুগ’’, “ভাৰ্জিনিয়াছ চেক্ৰিফাইচিং হিজ দাটাৰ’’, “মোচেচ ৰিচিভিং দা টেবুল অফ দা ল’’’ আৰু অন্যান্য। ব্লচে বহুতো প্ৰতিকৃতিৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰিছিল, ইয়াৰ ভিতৰত স্পেইন আৰু পৰ্তুগালৰ ৰজা, বাফেলো বিল, চি ফ্লেমাৰিয়ান আদিও আছিল। ১৮৯৪ চনৰ এটা ভাস্কৰ্য প্ৰদৰ্শনীত তেওঁৰ নাম সন্মান সহকাৰে উল্লেখ কৰা হৈছিল। ১৯০৩ চনত আৰ্টিষ্ট ফ্ৰান্সেইছৰ চেলুনত ব্লচে " প’ৰট্ৰেইট অফ এম ফ্ৰেডেৰিক পেচি, মেম্বাৰ অফ দা ইন্সটিটিউটৰ" নামৰ ভাস্কৰ্য প্ৰদৰ্শন কৰে।[1][2][3]

সম্পৰ্কিত শ্ৰেণী

পোলেণ্ডৰ ব্যক্তিভাস্কৰ্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছা ব্লচ” প্ৰবন্ধৰ সংশোধন ৪৮৮২১৬ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।