এলিজাবেথ বাফম চেচ (Elizabeth Buffum Chace) (১৮০৬ চনৰ ৯ ডিচেম্বৰ – ১৮৯৯ চনৰ ১২ ডিচেম্বৰ) ১৯ শতিকাৰ মাজভাগৰ পৰা শেষলৈকে দাসত্ব বিৰোধী, নাৰীৰ অধিকাৰ আৰু কাৰাগাৰ সংস্কাৰ বিৰোধী আন্দোলনৰ এগৰাকী আমেৰিকান কৰ্মী আছিল।১
২০০২ চনত তেওঁ ৰোড আইলেণ্ড হেৰিটেজ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।২
জন্ম আৰু প্ৰাথমিক জীৱন
এলিজাবেথ; ১৮০৬ চনৰ ৯ ডিচেম্বৰত ৰোড আইলেণ্ডৰ স্মিথফিল্ডত আৰ্নল্ড বাফম আৰু ৰেবেকা গৌল্ডৰ ঘৰত এলিজাবেথ বাফমৰ জন্ম হৈছিল৷ জন্মগত অধিকাৰী কোৱাকাৰ এলিজাবেথ বাফমে দাসত্ব বিৰোধী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল৷ তেওঁৰ পিতৃ আৰ্নল্ডে সেই ক্ষেত্ৰত দৃঢ় বিশ্বাস ৰাখিছিল আৰু নিউ ইংলেণ্ড দাসত্ব বিৰোধী ছ’চাইটিৰ সভাপতি আছিল।১
বিবাহ আৰু আৰম্ভণিৰ কাম-কাজ
১৮২৮ চনৰ ৪ এপ্ৰিলত বাফমে চেমুৱেল বাফিংটন চেছৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁৱো এজন পুৰণি নিউ ইংলেণ্ড পৰিয়ালৰ জন্মগত অধিকাৰ কোৱাকাৰ আছিল। চেমুৱেলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতহে এলিজাবেথে দাসত্ব বিৰোধী আন্দোলনত প্ৰকৃততে প্ৰভাৱশালী হ’বলৈ আৰম্ভ কৰে। যদিও চেমুৱেল পত্নীৰ দৰে স্পষ্টবাদী নাছিল, তথাপিও তেওঁ তেওঁৰ বিশ্বাসত ভাগ লৈছিল আৰু একেলগে তেওঁলোকে ৰোড আইলেণ্ডৰ ভেলী জলপ্ৰপাতত নিজৰ ঘৰটো আণ্ডাৰগ্ৰাউণ্ড ৰেলপথৰ ষ্টেচন হিচাপে মুকলি কৰিছিল৷ অতি ব্যক্তিগত বিপদত, পলায়ন কৰা দাসসকলক কানাডালৈ পলায়ন কৰাত এই ষ্টেচনটোৱে সহায় কৰিছিল। চেমুৱেলৰ লগত এলিজাবেথৰ দহটা সন্তান আছিল। ১৮৩৫ চনত এলিজাবেথে ফ'ল ৰিভাৰ ফিমেল এণ্টি স্লেভাৰী ছ'চাইটি প্ৰতিষ্ঠা কৰাত সহায় কৰে৷৩ মূল গোটটোৱে সদস্য হিচাপে যোগদান কৰিব বিচৰা মুক্ত কৃষ্ণাংগ মহিলাসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাম কৰাৰ পিছত ইয়াৰ প্ৰতিষ্ঠা হৈছিল। তেওঁ গোটটোৰ নাম "ফ'ল ৰিভাৰ এণ্টি-স্লেভাৰী চিলাই ছ'চাইটি"৩ (পিছলৈ চিলাই শব্দটো সলনি কৰি মহিলাক অন্তৰ্ভুক্ত কৰা হয়)।
গৃহযুদ্ধৰ বছৰ
১৮৬১ চনত আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে চেচ পৰিয়ালে দাসত্বৰ নিষিদ্ধকৰণৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু যদিও ইউনিয়নৰ কাৰ্যক দৃঢ়ভাৱে সমৰ্থন কৰিছিল, তথাপিও আব্ৰাহাম লিংকনে দাসত্ব বিলুপ্ত কৰিবলৈ তৎক্ষণাত আগবাঢ়িব নোৱাৰাৰ বাবে হতাশ হৈছিল। এলিজাবেথ বাফম চেচে সেই সময়ৰ বহুতো উল্লেখযোগ্য দাসত্ব বিৰোধী ব্যক্তিক লগ পাইছিল আৰু নিয়মিতভাৱে চিঠিপত্ৰ লিখিছিল৷ তেখেতে উইলিয়াম লয়ড গেৰিছন, ফ্ৰেডেৰিক ডগলাছ আৰু উইলিয়াম ওৱেলছ ব্ৰাউনৰ সৈতে ব্যক্তিগতভাৱে সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকক সঘনাই তেওঁৰ ঘৰত আতিথ্য দিছিল।৪
তথ্যসূত্ৰ
- ↑ Elizabeth Buffum Chace. NPS
- ↑ Rhode Island Heritage Hall of Fame: Elizabeth Buffum Chace, Inducted 2002. Rhode Island Heritage Hall of Fame
- ↑ Stevens, Elizabeth C. Elizabeth Buffum Chace and Lillie Chace Wyman: A Century of Abolitionist, Suffragist, and Workers' Rights Activism. United States: McFarland Publishing, 2003
- ↑ Elizabeth Buffum Chace Family Papers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিজাবেথ বাফম চেচ” প্ৰবন্ধৰ সংশোধন ৪৯৩৯৮৯ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।