বাৰ্টলী পি গ্ৰিফিথ(Bartley P. Griffith, ১৯৫৬-) এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক।১২ তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত জন্মগ্ৰহণ কৰে। ২০২২ চনৰ ৭ জানুৱাৰীত তেওঁ এজন ব্যক্তিৰ শৰীৰত আনুবংশিকভাৱে পৰিৱৰ্তিত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সফল সংৰোপণ কৰিছিল। এই ৰোগী গৰাকী আছিল ৫৭ বছৰীয়া ডেভিদ বেনেট। হৃদযন্ত্ৰ সংৰোপণৰ এই প্ৰক্ৰিয়াটো মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰ বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল।৩

১৯৯৭ চনত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সংৰোপণ এগৰাকী ভাৰতীয় শল্য চিকিৎসক ধনীৰাম বৰুৱাৰ দ্বাৰা কৰা হৈছিল।৪ এটা সাধাৰণ গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰা ৩২ বছৰীয়া পূৰ্ণ শইকীয়া নামৰ ৰোগীজনৰ এসপ্তাহৰ পিছত মৃত্যু হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Griffith, Bartley · University of Maryland School of Medicine. www.medschool.umaryland.edu
- ↑ Rabin, Roni Caryn. (10 January 2022). In a First, Man Receives a Heart From a Genetically Altered Pig. The New York Times
- ↑ (11 January 2022). Man gets genetically-modified pig heart in world-first transplant. BBC News
- ↑ The Hundu. First transplant of a pig's heart
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্টলী পি. গ্ৰিফিথ” প্ৰবন্ধৰ সংশোধন ৪২৪০৫৩ (২৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।