জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পাৰুল দেৱী দাস
পাৰুল দেৱী দাস (Parul Devi Das) হ'ল অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া। ২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে ক'ভিড আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।
-
পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড
পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল।
-
পীয়ূষ মিশ্ৰ
পীয়ূষ মিশ্ৰ (Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।
-
পুতলীবাই
পুতলীবাই কৰমচান্দ গান্ধী (১৮৪৪ – ১২ জুন ১৮৯১) ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ মাতৃ। তেতিয়াৰ জুনাগড় ৰাজ্যৰ দন্তৰানা নামৰ গাঁৱত আছিল তেওঁৰ ঘৰ।
-
পুনম ধিল্লোঁ
পুনম ধিল্লোঁ (Poonam Dhillon; জন্ম: ১৮ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ১৯৭৮ চনৰ এগৰাকী প্ৰাক্তন ইভছ উইকলি মিছ ইয়ং ইণ্ডিয়া। ১৯৭৯ চনৰ ছবি নুৰীৰ বাবে বেছিকৈ পৰিচিত।
-
পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
-
পূজা উমাশংকৰ
পূজা গৌতমী উমাশংকৰ এগৰাকী ভাৰতীয় আৰু শ্ৰীলংকান অভিনেত্ৰী যিয়ে মূলত তামিল আৰু সিংহল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
পূৰ্ণচন্দ্ৰ গোস্বামী
পূৰ্ণচন্দ্ৰ গোস্বামী অসমৰ এজন শিশু সাহিত্যিক, স্বাধীনতা সংগ্ৰামী, সমাজসেৱক, প্ৰকাশক, মুদ্ৰক আৰু সত্ৰাধিকাৰ। যোৰহাট জিলাৰ অন্তৰ্গত বৰবামচুঙীৰ ধলৰসত্ৰত ১৯১১ চনৰ ১৩ এপ্ৰিল তাৰিখে পূৰ্ণচন্দ্ৰ গোস্বামীৰ জন্ম হয়। গোস্বামীয়ে চৈধ্যখন শিশু-গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে।
-
পোলেন বৰকটকী
পোলেন বৰকটকী (জন্ম: ২০ অক্টোবৰ ১৯৪২) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁ সাহিত্যৰ লগতে অসম চৰকাৰৰ জলসিঞ্চন বিভাগত মুখ্য অভিযন্তা হিচাপেও কৰ্মৰত আছিল।
-
প্ৰণতি নায়ক
প্ৰণতি নায়ক (Pranati Nayak) এগৰাকী ভাৰতীয় জিমনাষ্ট। ১৯৯৫ চনৰ ৬ এপ্ৰিল তাৰিখে পশ্চিমবংগৰ পিঙ্গলা নামৰ ঠাইত নায়কৰ জন্ম হয়। তেওঁ ২০১৯ এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপ ভল্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
-
প্ৰতাপ সিংহ দ্বিতীয়
মহাৰাণাপ্ৰতাপ সিংহ দ্বিতীয় (২৭ জুলাই ১৭২৪ – ১০ জানুৱাৰী ১৭৫৪) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল। ৰাজত্ব কাল আছিল ১৭৫১ চনৰ পৰা ১৭৫৪ চনলৈকে। তেওঁৰ চুটি ৰাজত্বকালত ৰাজপুতনাৰ মেৱাৰৰ ছিছোদিয়া বংশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক দুয়োটা দিশতে অৱনতি ঘটিছিল।
-
প্ৰতাপচন্দ্ৰ চৌধুৰী
প্ৰতাপচন্দ্ৰ চৌধুৰী (Pratap Chandra Choudhury) এগৰাকী অসমীয়া ইতিহাসবিদ আৰু শিক্ষাবিদ।
-
প্ৰদীপ ভূঞা
ড° প্ৰদীপ ভূঞা অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক৷
-
প্ৰদীপ সৰকাৰ
প্ৰদীপ চৰকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী পূৰ্ণেন্দু বাণীক্যক পৰাস্ত কৰি অভয়াপুৰী (দক্ষিণ) বিধান সভা সমষ্টিৰপৰা অসম বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
প্ৰফুল্ল ৰাজগুৰু
প্ৰফুল্ল ৰাজগুৰু আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সাংবাদিক আৰু লেখক। ১৯৯৭ চনত যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী হিচাপে অৱসৰ লোৱা ৰাজগুৰুৱে আমাৰ অসম কাকতৰ আৱাসিক সম্পাদকৰূপে ২০০০ চনলৈকে কাৰ্যনিবাহকৰিছিল।
-
প্ৰমিলা ৰাণী ব্ৰহ্ম
প্ৰমীলা ৰাণী ব্ৰহ্ম (प्रमिला रानी ब्रह्म) অসমৰ এগৰাকী বড়ো ৰজনীতিবিদ৷ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ পৰা নিৰ্বাচিত অসম বিধান সভাৰ এগৰাকী সদস্যা৷ ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰত তেওঁ মন্ত্ৰীত্ব লাভ কৰে৷ ২০১৪ চনলৈকে তেওঁ তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী আছিল৷ কোকৰাঝাৰ পূব সমষ্টিৰ পৰা তেওঁ ষষ্ঠবাৰলৈ নিৰ্বাচিত…
-
প্ৰশান্ত কুমাৰ দাস
প্ৰশান্ত কুমাৰ দাস (Prasanta Kumar Das) এগৰাকী অসমীয়া গল্পকাৰ। ছাত্ৰাৱস্থাতে প্ৰান্তিক আলোচনীৰ পাতত তেওঁ গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল।
-
প্ৰশান্ত ফুকন
প্ৰশান্ত ফুকন (জন্ম: ২৩ জুলাই ১৯৫৪) অসমৰ এগৰাকী ৰাজনীতিবিদ, যি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত৷ ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা নিৰ্বাচিত হৈছিল৷ তেওঁ ডিব্ৰুগড়ৰ বৰ্তমানৰ বিধায়ক। ২০২১ চনত প্ৰশান্ত ফুকনে ৩৮০০৫টা ভোটৰ ব্যৱধানত অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিছিল।
-
প্ৰশান্ত ৰাজগুৰু
প্ৰশান্ত ৰাজগুৰু হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু লেখক। দীৰ্ঘকাল সাংবাদিকতাৰে সৈতে জড়িত ৰাজগুৰু বৰ্তমান প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কৰ্মৰত। পূৰ্বতে তেওঁ আমাৰ অসম কাকতৰ সম্পাদক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।
-
প্ৰিয়ংকা গোস্বামী
প্ৰিয়ংকা গোস্বামী (Priyanka Goswami; জন্ম: ১০ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ২০ কিলোমিটাৰ ৰেচ ৱাকত অংশগ্ৰহণ কৰে। টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ ১৭ নম্বৰ স্থান দখল কৰিছিল। ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ১০০০০ মিটাৰ খোজকাঢ়ি ৰূপৰ পদক লাভ কৰিছিল।
-
প্ৰিয়ংকা বৰা (ভলীবল খেলুৱৈ)
প্ৰিয়ংকা বৰা (Priyanka Bora) এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ৷ ১৯৮৫ চনৰ ৭ জানুৱাৰী তাৰিখে ভাৰতৰ মহাৰাষ্ট্ৰত তেওঁৰ জন্ম হয়৷ তেওঁ ভাৰতীয় মহিলা আন্তঃৰাষ্ট্ৰীয় ভলীবল দলৰ এগৰাকী সদস্য৷ তেওঁ ১০ এছিয়ান গেমছ্ত অংশগ্ৰহণ কৰিছিল৷ তেওঁ ২০১০ চনত ক্লাব পৰ্যায়ত ভাৰতীয় ৰেলৱেৰ হৈ খেলিছিল৷
-
প্ৰিয়ংকা সিং
প্ৰিয়ংকা সিং (ইংৰাজী: Priyanka Singh; জন্ম: ৯ মে' ১৯৯০) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু পৰিবেশক, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী চলচ্চিত্ৰৰ বাবে সক্ৰিয়। মহুৱা চেনেলত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব' সুৰ সংগ্ৰামছিজন - ১ ত তেওঁৰ অভিষেক ঘটে।
-
প্ৰেমধৰ বৰা
প্ৰেমধৰ বৰা (Premadhar Bora) অসমৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিক। তেওঁ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল। তদুপৰি ২০০১ চনত তেওঁ অসম বিধানসভাৰ প্ৰ'-টেম অধ্যক্ষ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বিহপুৰীয়া বিধান সমষ্টিৰ পৰা অসম বিধানসভালৈ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
ফণী ভূষণ চৌধুৰী
ফণী ভূষণ চৌধুৰী (জন্ম ১ মে' ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছে আৰু অসম গণ পৰিষদৰ এগৰাকী নেতা। তেওঁ ১৯৮৫ চনৰপৰা অবিৰতভাৱে ৮বাৰকৈ বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ অভিলেখ গঢ়ে।
-
ফাবিয়া আৰেতে
ফাবিয়া আৰেতে প্ৰাচীন ৰোমৰ এগৰাকী নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁ এগৰাকী মুক্ত দাসী আছিল ('মাৰ্কাছ'ৰ মুক্ত দাসী হিচাপে উল্লিখিত), যি সেই সময়ৰ মঞ্চ অভিনেতাসকলৰ মাজত সাধাৰণ আছিল। তেওঁক আৰ্কিমাইমা বুলি উল্লেখ কৰা হৈছে, যি ৰোমান নাট্যশালাৰ শীৰ্ষস্থানীয় অভিনেত্ৰীসকলৰ উপাধি আছিল।
-
ফাহদা বিণ্ট ফালাহ আল হিথলেইন
ৰাজকুমাৰী ফাহদা বিণ্ট ফালাহ আল হিথলেইন আলাজমী বা চমুকৈ ফাহদা হৈছে চৌদি আৰবৰ ৰজা[2] ছলমান বিন আব্দুলজিজ আল ছাউদৰ তৃতীয় পত্নী। তেওঁৰ জন্ম হৈছিল ১৯৬৫ চনত। ফাহদা চৌডি আৰৱৰ আল-আজমান জনগোষ্ঠীৰ সদস্য আছিল।
-
ফাৰ্ডিনাণ্ড লাচালে
ফাৰ্ডিনাণ্ড জ'হান গটলিয়েব লাচালে (Ferdinand Johann Gottlieb Lassalle; (১১ এপ্ৰিল ১৮২৫ - ৩১ আগষ্ট ১৮৬৪) আছিল জাৰ্মানীৰ এজন বিচাৰক, দাৰ্শনিক, তথা সমাজতান্ত্ৰিক ৰাজনৈতিক কৰ্মী. তেওঁক জাৰ্মানীত এজন আন্তৰ্জাতিক আৰ্হিৰ সমাজ পৰিৱৰ্তনকাৰীৰ ৰূপত চোৱা হয়।
-
ফিলিপ ছিদানি
ছাৰ ফিলিপ ছিদানী (ইংৰাজী: Sir Philip Sidney) (৩০ নৱেম্বৰ ১৫৫৪ – ১৭ অক্টোবৰ ১৫৮৬) এজন ইংৰাজ কবি, সভাসদ, পণ্ডিত আৰু সৈনিক আছিল যাক এলিজাবেথীয় যুগৰ অন্যতম বিশিষ্ট ব্যক্তি হিচাপে স্মৰণ কৰা হয়।
-
বদৰায়ণ
বদৰায়ণ আছিল এজন ভাৰতীয় দাৰ্শনিক আৰু ঋষি যি ব্ৰহ্মসূত্ৰৰ সুখ্যাত ৰচক আছিল। ব্ৰহ্মসূত্ৰসমূহ হিন্দু দাৰ্শনিক বেদান্ত বিদ্যালয়ৰ উৎস গ্ৰন্থ আৰু উপনিষদ আৰু ভাগৱত গীতাৰ লগতে প্ৰস্থানত্ৰয়ীৰ তিনিখন গ্ৰন্থৰ ভিতৰত অন্যতম।
-
বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।