বিক্ৰমাদিত্য মটৱানে (Vikramaditya Motwane)(জন্ম ৬ ডিচেম্বৰ ১৯৭৬) হিন্দী চিনেমাৰ লগত জড়িত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। ''উৰান (২০১০), লুটেৰা (২০১৩), ট্ৰেপড (২০১৭) আৰু ভৱেশ যোশী ছুপাৰহিৰো (২০১৮) আদি ছবিৰ বাবে তেওঁ পৰিচিত।
তেওঁৰ পৰিচালনাৰ প্ৰথম ছবি উৰান (২০১০) ২০১০ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড শাখাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয় আৰু ইয়াৰ উপৰি তেওঁ সাতটা ফিল্মফেয়াৰ বঁটাও লাভ কৰে।১২ তেওঁৰ দ্বিতীয়খন ছবি আছিল লুটেৰা,যিখন আছিল বিগ বাজেটৰ বলীউড পিৰিয়ডৰ ৰোমাঞ্চ৷ ছবিখনে ২০১৩ চনৰ ৫ জুলাইত মুক্তি পাইছিল।তেওঁৰ তৃতীয়খন ছবি আছিল ট্ৰেপড৷ এইখন ৰাজকুমাৰ ৰাও অভিনীত ছাৰ্ভাইভেল ড্ৰামা, যি ১৭ মাৰ্চ ২০১৭ তাৰিখে চিত্ৰগৃহত মুক্তি পাইছিল৷ মটৱানে হৈছে নেটফ্লিক্সৰ প্ৰথম ভাৰতীয় ছিৰিজ ছেক্ৰেড গেমছৰ নিৰ্মাতা। ২০২০ চনত তেওঁৰ ছবি AK vs AK-য়ে মুক্তি লাভ কৰে।
মিষ্টাৰ মটৱানে মুম্বাই একাডেমী অৱ দ্য মুভিং ইমেজৰ ব’ৰ্ডৰ সদস্য।৩
তথ্যসূত্ৰ
- ↑ (29 January 2011). Udaan, Dabangg top winners at Fimfare Awards. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Festival 2010: Official Selection:Udaan Cannes Film Festival website
- ↑ Mumbai Academy of Moving Image - Trustees Site. www.mumbaifilmfestival.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিক্ৰমাদিত্য মটৱানে” প্ৰবন্ধৰ সংশোধন ৬১৮৯০৬ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।