অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভবানন্দ দত্ত

ভবানন্দ দত্ত (Bhabanonda Dutta) অসমৰ এগৰাকী বাস্তৱবাদী কবি আছিল। তেখেতৰ ছদ্মনাম নচিকেতা।

হালনাগাদ: ১ অক্টোবৰ ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভবানন্দ দত্ত (Bhabanonda Dutta) অসমৰ এগৰাকী বাস্তৱবাদী কবি আছিল। তেখেতৰ ছদ্মনাম নচিকেতা।১

জন্ম

ভবানন্দ দত্তৰ জন্ম হয় ১৯১৮ চনৰ যোৰহাটত। ২

শিক্ষা

তেওঁৰ শিক্ষা জীৱন আৰম্ভ হয় কামৰূপৰ ৰতনপুৰ গাঁৱৰ চৌখুটি ছাত্ৰ বৃত্তি স্কুলত। কটন মহাবিদ্যালয়ৰ পৰা আই এ আৰু দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীসহ বি এড পৰীক্ষাত তেখেতে উত্তীৰ্ণ হয়। ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন

তেওঁ নলবাৰী মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে সেৱা আগবঢ়ায়।৩

সাহিত্যৰাজি

ভবানন্দ দত্তৰ দ্বাৰা ৰচিত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল

  • Philosophy and Indian
  • দৃষ্টি আৰু দৰ্শন
  • অসমীয়া কবিতাৰ কাহিনী
  • অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন
  • ৰবীন্দ্ৰ প্ৰতিভা (মৰণোত্তৰভাৱে প্ৰকাশিত)

বঁটা আৰু সন্মান

ভবানন্দ দত্তই মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি পদ অলংকৃত কৰিছিল।

মৃত্যু

দত্তই ১৯৫৯ চনত ইহলীলা সম্বৰণ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ কবিতা মুকুৰ, বিভা দত্ত নেওগ ( সম্পাদক)। সপ্তম সংস্কৰণ, ২০১৯, পৃষ্ঠা নং ৯৫
  2. ↑ কবিতা মুকুৰ, বিভা দত্ত নেওগ ( সম্পাদক)। সপ্তম সংস্কৰণ, ২০১৯, পৃষ্ঠা নং ৯৫
  3. ↑ সাহিত্য সৌৰভ, ৰমেশ পাঠক ( সম্পাদক), চতুৰ্থ সংস্কৰণ,২০১৩, পৃষ্ঠা নং, ১৯০ আৰু ১৯১
  4. ↑ সাহিত্য সৌৰভ, ৰমেশ পাঠক ( সম্পাদক), চতুৰ্থ সংস্কৰণ,২০১৩, পৃষ্ঠা নং, ১৯০ আৰু ১৯১

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভবানন্দ দত্ত” প্ৰবন্ধৰ সংশোধন ৩৮৩৯৪৮ (১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।