অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিদ্যা পঞ্চানন

বিদ্যা পঞ্চানন (ইংৰাজী:Bidya Panchanan)এগৰাকী কবি আছিল। এওঁৰ প্ৰকৃত নাম জনা নাযায়।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২১ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বিদ্যা পঞ্চানন (ইংৰাজী:Bidya Panchanan)এগৰাকী কবি আছিল। এওঁৰ প্ৰকৃত নাম জনা নাযায়।

জন্ম আৰু বংশ পৰিচয়

কবিৰ বাসস্থান আছিল বৰনগৰ। তেওঁৰ পিতৃৰ নাম আছিল কণ্ঠাভৰণ দ্বিজ। কণ্ঠাভৰণ আৰু মাধৱদেৱৰ প্ৰায় সমসাময়িক মাগুৰিৰ কণ্ঠভূষণ দ্বিজ যদি একেজন হয় তেন্তে কবি সপ্তদশ শতিকাৰ আগভাগত জন্ম গ্ৰহণ কৰি সেই শতিকাৰ ষষ্ঠ-সপ্তম দশকমানলৈ জীৱিত আছিল। কিন্তু মাণ্ডৰি আছিল হাজোৰ ওচৰত, গতিকে বৰনগৰৰ কণ্ঠাভৰণ মাগুৰিৰ কণ্ঠাভূষণ একেজন বুলি ধৰিব নোৱাৰি।১

শিক্ষা

তেওঁ গোপাল দেৱৰ শিষ্য আছিল। এই গোপাল দেৱ ভৱানীপুৰীয়া গোপাল আতা অথবা খুদিয়া সত্ৰৰ গোপাল মিশ্ৰও হ'ব পাৰে।২

ৰচনাৰাজি

এওঁ ধৰ্মনাৰায়ণৰ ৰাজত্বকালত মহাভাৰতৰ ভীষ্ম-পৰ্ব ৰচনা কৰে ১৬৪৮ খ্ৰীষ্টাব্দত। ভীষ্ম-পৰ্বৰ অন্তৰ্গত অম্বাচৰিত্ৰৰ বাহিৰেও বিদ্যা পঞ্চননে কৰ্ণ-পৰ্ব ৰচনা কৰে।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পাদনা ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং১৭৩
  2. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পাদনা ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং ১৭৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা পঞ্চানন” প্ৰবন্ধৰ সংশোধন ২৯৮১৩১ (১৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।