অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বলজিন্দৰ কৌৰ

বলজিন্দৰ কৌৰ (Baljinder Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হাৰিয়ানৱী, হিন্দী আৰু তামিল ছবিত অভিনয় কৰিছে।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বলজিন্দৰ কৌৰ (Baljinder Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হাৰিয়ানৱী, হিন্দী আৰু তামিল ছবিত অভিনয় কৰিছে।১২

জীৱনী

কৌৰ পঞ্জাৱৰ ভোগপুৰৰ ওচৰৰ ভোণ্ডিয়ান গাঁৱত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। হোছিয়াৰপুৰৰ ডি এ ভি কলেজত শিক্ষা গ্ৰহণৰ সময়ত নাটকৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠে আৰু ১৯৯৪ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ত সাধাৰণ শিক্ষাৰ সলনি নাটকত ডিগ্ৰী লবলৈ পাঠ্যক্ৰম বাছি লয়। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ হাৰিয়ানাৰ হিছাৰৰ এখন বিদ্যালয়ত নাটকৰ পাঠদান আৰম্ভ কৰে আৰু পিছলৈ ২০০০ চনত বৃজেশ শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিজন বিশ্ববিদ্যালয়ত তেওঁৰ সহপাঠী আছিল। শৰ্মা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আন এটা শিক্ষাবৰ্ষচো তেওঁৰ সহপাঠী আছিল।১ নাট্য বিদ্যালয়ত থকা সময়ছোৱাত তেওঁ বিভিন্ন ধৰণৰ শাস্ত্ৰীয় নৃত্য আৰু সংগীত শিকিছিল আৰু পিছলৈ ছবছৰ ধৰি ৰেপাৰ্টৰীৰ সদস্য হিচাপে কাম কৰিছিল।

সমালোচকৰ প্ৰশংসিত হিন্দী ছবি শাহিদৰ (২০১৩) জৰিয়তে কৌৰে চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে অভিনয়ত আত্মপ্ৰকাশ কৰে। কৌৰৰ মঞ্চ অভিনয় চোৱা কাষ্টিং ডাইৰেক্টৰ মুকেশ চাব্ৰাই তেওঁৰ কাষ চাপিছিল। এই প্ৰকল্পত অভিনয় কৰাৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু পিছত আমিৰ খানৰ দুখন ছবি পি কে (২০১৪) আৰু দংগলত (২০১৬) চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হয় যদিও গ্লেমাৰাছ চৰিত্ৰত কাম কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা সুযোগসমূহ নাকচ কৰে।[1] ২০১৪ চনত তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত থকা সময়ৰ পৰা চিনাকি ৰাজীৱ ভাটিয়া পৰিচালিত হাৰিয়ানৱী ছবি “পাগডী: দ্য অনাৰ’ত কাম কৰে। তেওঁৰ স্বামী বৃজেশ শৰ্মাইও ছবিখনত নায়িকাগৰাকীৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত কৰা তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়।৩৪৫

তথ্যসূত্ৰ

  1. ↑ (3 June 2015). From Bhondian to Bollywood: Baljinder Kaur's journey from Jalandhar to the silver screen
  2. ↑ Regional route to national honour - Times of India
  3. ↑ (2 June 2015). PU to honour actress Baljinder Kaur. The Tribune
  4. ↑ Panjab University alumna wins national award - Times of India
  5. ↑ Kangana bags National Award for Queen

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলজিন্দৰ কৌৰ” প্ৰবন্ধৰ সংশোধন ৬২৭৩২২ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।