ভামিদিপতি সাই প্ৰনীত (Bhamidipati Sai Praneeth; জন্ম: ১০ আগষ্ট ১৯৯২) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ।১২৩ ১৯৮৩ চনত প্ৰকাশ পাডুকনৰ পিছত ২০১৯ চনত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা তেওঁ ৩৬ বছৰৰ ভিতৰত প্ৰথম ভাৰতীয় পুৰুষ শ্বাটলাৰ হয়।৪ ২০১৯ চনত সাই প্ৰনীতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।৫৬ তেওঁৰ পিতৃ-মাতৃ হৈছে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ পালাকোল্লুৰ চেশাদ্ৰী দীক্ষিতুলু আৰু মাধৱী লতা। তেওঁৰ মাহী এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ আছিল।৭
কেৰিয়াৰ
তেওঁ বৰ্তমান হায়দৰাবাদৰ গোপীচান্দ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ লৈ আছে। সোঁহাতেৰে খেলা চাই প্ৰনীতে ২০০৩ চনৰ অল ইংলেণ্ড চেম্পিয়ন মালয়েছিয়াৰ মুহাম্মাদ হাফিজ হাছিমক প্ৰথম ৰাউণ্ডত ২০১৩ চনৰ থাইলেণ্ড অপেন গ্ৰেণ্ড প্ৰিঁ গোল্ড টুৰ্ণামেণ্টত হৰোৱাইছিল।৮
২০১৩ চনত প্ৰনীতে তৌফিক হেদায়াতক অপ্ৰত্যাশিতভাৱে পৰাজিত কৰিছিল। তেওঁ ডিজাৰাম ইণ্ডোনেছিয়া অপেন ২০১৩ৰ প্ৰথম ৰাউণ্ডৰ খেলখনত তৌফিক হিদায়াতক ২-১ খেলত পৰাস্ত কৰে আৰু চূড়ান্ত স্ক'ৰ ১৫-২১, ২১-১২, ২১-১৭ হয়।৯ কেইদিনমান পিছত ২০১৩ চনৰ ১৯ জুনত তেওঁ পুনৰ ছিংগাপুৰ চুপাৰ ছিৰিজত হংকঙৰ ততোধিক উচ্চ স্থানপ্ৰাপ্ত হু য়ুনক হৰোৱায়।১০
তথ্যসূত্ৰ
- ↑ Sai Praneeth BHAMIDIPATI. Olympic Channel
- ↑ Players: Sai Praneeth B.. bwfbadminton.com. Badminton World Federation
- ↑ Player Profile of Sai Praneeth B.. www.badmintoninindia.com
- ↑ BWF World Championships: B Sai Praneeth settles for bronze after losing to Kento Momota. Hindustan Times
- ↑ (27 August 2019). B. Sai Praneeth: 'Arjuna award gave me extra motivation for World C'ships'. The Hindu
- ↑ (28 May 2021). It’s official: Saina Nehwal and Kidambi Srikanth out of reckoning for Tokyo Olympics. M Ratnakar. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ www.deccanchronicle.com/sports/badminton/190819/
- ↑ Easy win for Saina, Praneeth stuns Hashim. Rediff.com
- ↑ B Sai Praneeth spoils Taufik Hidayat's swansong; Parupalli Kashyap exits. www.dnaindia.com. DNA
- ↑ Sai Praneeth stuns world No. 4 Yun Hu in Singapore Open. timesofindia.indiatimes.com. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভমিদিপতি সাই প্ৰনীত” প্ৰবন্ধৰ সংশোধন ৩১০৬৭৪ (১১ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।