অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাগৱত আচাৰ্য

ভাগৱত আচাৰ্য উত্তৰ-শংকৰী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক। তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভাগৱত আচাৰ্য উত্তৰ-শংকৰী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক। তেওঁ নিজকে হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ। তেওঁ কথাসূত্ৰ, সাত্বত-তন্ত্ৰ আৰু গীতাসাৰ এই তিনিখন গ্ৰন্থ ৰচনা কৰে।১

সাহিত্য কৰ্ম

খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ আদি ভাগতে তেখেতে কথাসূত্ৰ, সাত্বত-তন্ত্ৰ, আৰু গীতাসাৰ গ্ৰন্থ ৰচনা কৰে।১

কথাসূত্ৰ

এই গ্ৰন্থখনত শ্ৰীমদ্ভগৱতগীতা ৰ প্ৰতিটো স্কন্ধৰ কথাবোৰ সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰা হৈছে। কথাসূত্ৰ গ্ৰন্থখন সমগ্ৰ ভাগৱতৰ সাৰস্বৰূপ।১

সাত্বত-তন্ত্ৰ

এই গ্ৰন্থখন সংস্কৃত ভাষা সাত্বত-তন্ত্ৰৰ অনুবাদ। সাত্বত-তন্ত্ৰ গ্ৰন্থখন বৈষ্ণৱ ভক্তিতত্ত্ব সম্পৰ্কীয় গ্ৰন্থ। এই গ্ৰন্থখনত বিৰাট পুৰুষৰ উৎপত্তি, ভাগৱতী আৰু নিগুণা ভক্তিৰ লক্ষণ, নামৰ মহিমা আৰু অপৰাধ আদি ভক্তি সম্পৰ্কীয় তত্ত্বৰ বিৱৰণ পোৱা যায়।১

গীতাসাৰ

গীতাসাৰ গ্ৰন্থখনত শ্ৰীমদ্ভগৱতগীতা ৰ সাৰাংশ পদত বৰ্ণনা কৰিছে। এই গ্ৰন্থখন শ্ৰীমদ্ভাগৱত গীতাৰ সাৰস্বৰূপ।১

সাহিত্যিক বৈশিষ্ট্য

ভাগৱত আচাৰ্যৰ ৰচনাসমূহ নিৰীক্ষণ কৰিলে প্ৰথমতেই চকুত পৰা বৈশিষ্ট্যটো হ'ল: লেখকৰ পাণ্ডিত্য আৰু থোৰতে কথা প্ৰকাশ কৰিব পৰাৰ শক্তিশালী দক্ষতা।১

তথ্যসূত্ৰ

  1. ↑ ড০ সত্যেন্দ্ৰনাথ শৰ্মা. (২০১১,দশম সংস্কৰণ). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগৱত আচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৪৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।