বিমী Vimi; ১৯৪৩ – ২২ আগষ্ট ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ আব্ৰু, হামৰাজ আৰু পতংগ আদি হিন্দী ছবিত অভিনয় কৰিছিল। সুনীল দত্তৰ সৈতে হামৰাজত অভিনয় কৰি তেওঁ উল্লেখযোগ্য হৈ পৰিছিল। চলচ্চিত্ৰ বিশেষজ্ঞ ৰাজেশ সুব্ৰমণিয়ানৰ মতে, ভুৱা প্ৰেমিকৰ ৰূপ লৈ জলী নামৰ এজন প্ৰৱঞ্চক চলচ্চিত্ৰৰ দালালে তেওঁৰ কেৰিয়াৰ আৰু ভাবমূৰ্তি ধ্বংস কৰিছিল আৰু বিমিক বেশ্যাবৃত্তিলৈ ঠেলি দিছিল।১
কেৰিয়াৰ
১৯৬৭ চনত বি আৰ চোপ্ৰাই পৰিচালনা কৰা হামৰাজ ছবিত সুনীল দত্তৰ সৈতে বিমীৰো অভিষেক ঘটে।২ ছবিখন হিট হৈছিল যদিও তেওঁৰ কেৰিয়াৰত কোনো সহায় কৰা নাছিল। শশী কাপুৰৰ সৈতে পতংগ (১৯৭১) আৰু বচন (১৯৭৪) ছবিত তেওঁক দেখা যায়। দীপক কুমাৰৰ বিপৰীতে আব্ৰু (১৯৬৮) ছবিত তেওঁ মুখ্য নাৰী চৰিত্ৰ আছিল। ১৯৭৩ চনত তেওঁ পাঞ্জাবী ছবি নানক নাম জাহাজ হ্যায়ত অভিনয় কৰে।৩ ১৯৭৭ চনত তেওঁৰ মৃত্যুৰ চাৰি বছৰৰ পিছত মুক্তি পোৱা তেওঁৰ শেষ ছবিখন আছিল ক্ৰোধী।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Singh, Simran. This superstar actress, mother of 2, was forced into prostitution, left abandoned by husband, died penniless at... DNA India
- ↑ (15 April 2010). Hamraaz (1967). দ্য হিন্দু
- ↑ Nanak Nam Jahaz Hai (1969 film) - cast and crew. Indian Cinema Heritage Foundation (Cinemaazi.com) website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমী” প্ৰবন্ধৰ সংশোধন ৬৪০০৭৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।