ব্ৰজেন্দ্ৰনাথ শীল (ইংৰাজী: Brajendra Nath Seal) এগৰাকী ভাৰতীয় বঙালী দাৰ্শনিক আছিল।১২
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হৈছিল ১৮৬৪ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে। তেখেতৰ পিতৃ মহেন্দ্ৰনাথ শীল।৩
শিক্ষা
তেখেতে ১৮৬১ চনত বি এ আৰু ১৮৮৪ চনত এম এ পৰীক্ষাত উত্তীৰ্ণ হয়।৩
চাকৰি জীৱন
তেখেতে ১৮৮৫ চনত নাগপুৰৰ মৰিচ কলেজত অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৮৯৪ চনৰ পৰা ১৯২২ চনলৈ কোচ বিহাৰ ভিক্টৰিয়া কলেজৰ অধ্যক্ষ হয়। ১৯২১ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে৷৩
সাহিত্যৰাজি
তেখেতৰ The positive science of the Ancient Hindus নামৰ কিতাপ ১৯১৫ চনত প্ৰকাশিত হয়।
বঁটা আৰু সন্মান
তেখেতে ১৯২৬ চনত ছাৰ উপাধিৰে বিভূষিত হয়। তেওঁ ৰাজতন্ত্ৰ উপাধিৰে সন্মানিত হয়।
মৃত্যু
তেখেতৰ মৃত্য হয় ১৯৩৮ চনৰ ৩ ডিচেম্বৰত।৩
তথ্যসূত্ৰ
- ↑ Seal, Brajendra Nath - Banglapedia. en.banglapedia.org
- ↑ Brajendra Nath Seal (1864-1938). people.stfx.ca
- ↑ দেৱজিত শৰ্মা. মহৎ লোকৰ জীৱনী, তৃতীয় প্ৰকাশ. পৃ. ২৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰজেন্দ্ৰনাথ শীল” প্ৰবন্ধৰ সংশোধন ৪০০১১৩ (২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।