ৰাজকুমাৰী ফাহদা বিণ্ট ফালাহ আল হিথলেইন আলাজমী বা চমুকৈ ফাহদা হৈছে চৌদি আৰবৰ ৰজা[2] ছলমান বিন আব্দুলজিজ আল ছাউদৰ তৃতীয় পত্নী। তেওঁৰ জন্ম হৈছিল ১৯৬৫ চনত। ফাহদা চৌডি আৰৱৰ আল-আজমান জনগোষ্ঠীৰ সদস্য আছিল।১ তেওঁৰ মাতৃ মুনিৰা বিণ্ট আব্দুল্লাহ২ আৰু তেওঁৰ পূৰ্বপুৰুষৰ ভিতৰত আল-আজমান জনগোষ্ঠীৰ নেতা ৰাকান আৰু ধৈদান বিন হিথলাইন আছিল অন্যতম।
১৯৮৪ চনত ফাহদাই ৰজা ছলমানক বিয়া কৰায়।৩ ৰজাৰ বয়সৰ তুলনাত তেওঁ তেওঁতকৈ প্ৰায় ত্ৰিশ বছৰ সৰু আছিল।৩ তৃতীয় পত্নী ফাহদাই ৰজা ছলমানৰ সৈতে ছটা সন্তান জন্ম দিয়ে: তেওঁলোক হ’ল; চৌডি আৰবৰ প্ৰধানমন্ত্ৰী মহম্মদ যাক পিছলৈ প্ৰিন্স ক্ৰাউন নামে জনা গৈছিল, ৰাজকুমাৰ তুৰ্কী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজকুমাৰ খালিদ, ৰাজকুমাৰ নায়েফ, ৰাজকুমাৰ বাণ্ডাৰ আৰু ৰাজকুমাৰ ৰাকান।৪ তেওঁৰ দ্বিতীয় ডাঙৰ পুত্ৰ তুৰ্কী এজন ব্যৱসায়ী।৫ তেওঁৰ তৃতীয় ডাঙৰ পুত্ৰ ৰাজকুমাৰ খালিদ প্ৰতিৰক্ষা মন্ত্ৰী। ৰাজকুমাৰ বাণ্ডাৰ হৈছে ৰয়েল গাৰ্ডৰ মুৰব্বী যিয়ে ৰজা আৰু ক্ৰাউন প্ৰিন্সৰ ব্যক্তিগত নিৰাপত্তাৰ সৈতে জড়িত।৫
২০১৭ চনত, আমেৰিকাৰ চোৰাংচোৱা বিষয়াই অভিযোগ কৰা মতে, ফাহদাক তেওঁৰ পুত্ৰ, প্ৰিন্স বিন ছলমানে ২০১৬ চনত গৃহবন্দী কৰি ৰাখিছিল। ক্ৰাউন প্ৰিন্স বিন ছালমান আছিল চৌডি আৰবৰ ৰাজতন্ত্ৰৰ দুৰ্নীতি বিৰোধী অভিযানৰ তত্বাৱধায়ক।৬ এই গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছিল ৰজা ছলমানৰ অজ্ঞাতে। তেওঁক কোৱা হৈছিল, তেওঁৰ পত্নীয়ে ৰোগ নিৰাময়ৰ বাবে চিকিৎসা গ্ৰহণ কৰি আছে বুলি ছলমানক বিপথে পৰিচালিত কৰা হৈছিল। কিন্তু ছৌদি আৰৱৰ বিষয়াসকলে আমেৰিকাৰ এই অভিযোগ অস্বীকাৰ কৰে।৭
তথ্যসূত্ৰ
- ↑ Raf Sanchez. (16 March 2018). Saudi crown prince 'has kept his mum hidden from king for two years'. The Sydney Morning Herald
- ↑ (14 December 2017). Profile: Crown Prince Mohammed bin Salman. Al Jazeera
- ↑ Dilip Hiro. (2018). Cold War in the Islamic World: Saudi Arabia, Iran and the Struggle for Supremacy. C. Hurst & Co.. পৃ. 389. ISBN 978-0-19-005033-7
- ↑ Karen Elliott House. (April 2019). Profile of a Prince: Promise and Peril in Mohammed bin Salman's Vision 2030. Belfer Center
- ↑ Christopher Davidson. (3 September 2022). Turki bin Salman Is Saudi Crown Prince Mohammed bin Salman's Money Man. Arab Digest
- ↑ (2018-03-15). Saudi prince hiding his mother from Saudi king, say U.S. officials. NBC News
- ↑ Keeping mum: MBS puts mother under house arrest, says report. Middle East Eye
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাহদা বিণ্ট ফালাহ আল হিথলেইন” প্ৰবন্ধৰ সংশোধন ৫৮১৫৬৬ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।