পাৰুল দেৱী দাস (Parul Devi Das) হ'ল অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া। ২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে ক'ভিড আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।১
জন্ম আৰু ব্যক্তিগত জীৱন
১৯৫০ চনত শ্বিলঙত পাৰুল দাসৰ জন্ম হয়। তেওঁৰ দেউতাক প্ৰয়াত ৰামনাথ দাস বন বিভাগৰ কেবিনেট মন্ত্ৰী আছিল আৰু মাক উৰ্মিলা দেৱী। ৰামনাথ দাস দেৰগাঁও অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰপৰা বিধায়ক হৈ অসম চৰকাৰৰ বন মন্ত্ৰী হৈছিল। ২০১০ চনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰূপে পাৰুল দাসে কৰ্ম জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল। দাসৰ ভাতৃ নৱকুমাৰ দাসো এগৰাকী প্ৰশাসনিক বিষয়া আৰু অসম চৰকাৰৰ মুখ্য সচিব ৰূপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছে।২
মৃত্যু
২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে গুৱাহাটীৰ এপ'ল' চিকিৎসালয়ত পাৰুল দাসৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ (26 April 2021). Assam’s first woman IAS officer dies of COVID-19. eastmojo.com
- ↑ (27 April 2021). Parul Devi Das, Assam’s First Lady IAS Officer, Dies Of COVID-19. shethepeople.tv
- ↑ (26 April 2021). Parul Devi Das, Assam's First Lady IAS Officer Dies from COVID. sentinelassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰুল দেৱী দাস” প্ৰবন্ধৰ সংশোধন ৫৩০৩৫০ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।