অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰতাপচন্দ্ৰ চৌধুৰী

প্ৰতাপচন্দ্ৰ চৌধুৰী (Pratap Chandra Choudhury) এগৰাকী অসমীয়া ইতিহাসবিদ আৰু শিক্ষাবিদ।

হালনাগাদ: ২০ অক্টোবৰ ২০২৪ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

প্ৰতাপচন্দ্ৰ চৌধুৰী (Pratap Chandra Choudhury) এগৰাকী অসমীয়া ইতিহাসবিদ আৰু শিক্ষাবিদ।

জন্ম আৰু শিক্ষা

জন্মস্থান বৰপেটা জিলাৰ সুন্দৰীদিয়া। বৰপেটাৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। ইতিহাস বিভাগত উচ্চ শিক্ষা লাভ কৰে কটন কলেজ আৰু বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা।১ চৌধুৰীয়ে এ. এল. বাছামৰ তত্ত্বাৱধানত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা 'The History of Civilisation of the People of Assam to the Twelfth Century A. D. বিষয়ত গবেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।

কৰ্ম-জীৱন

তেওঁ কাননগোপাৰা কলেজ, ভোলানাথ কলেজ, কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল॥২

সাহিত্যিক অৱদান

  • The History of Civilisation of the People of Assam to the Twelfth Century A. D. (1959)৩
  • Assam-Bengal Relations from the Earliest Times to the Twelfth Century A.D.(1988)৪
  • A Catalogue of Sanskrit Manuscripts (সম্পা.)
  • হস্তীবিদ্যাৰ্ণৱ (সম্পা.)৫,
  • স্মৃতি জ্যোতিষ সাৰ সংগ্ৰহ (সম্পা.),
  • অভিনন্দন ভাৰতী: প্ৰফেছাৰ কে. কে. হেণ্ডিক ফেলিচিটেশন ভলিউম (সম্পা.),
  • অনন্ত আচাৰ্যৰ আনন্দ লহৰী' (সম্পা.)৬,
  • অমৃত মন্থন ইত্যাদি।

তথ্যসূত্ৰ

  1. ↑ Dr PC Chaudhury to be honoured by Sahitya Sabha The Assam Tribune ১৫ ছেপ্তেম্বৰ ২০১০
  2. ↑ দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ, তৃতীয় খণ্ড, অসম সাহিত্য সভা, পৃ.৩৪
  3. ↑ The History of Civilisation of the People of Assam to the Twelfth Century A. D. (1959)
  4. ↑ Assam-Bengal Relations from the Earliest Times to the Twelfth Century A.D.(1988)
  5. ↑ Hastividyarnava
  6. ↑ Ananta Ācāryyaʼs Ānanda-laharī

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতাপচন্দ্ৰ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৩৯৭১৮ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।