অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণতি নায়ক

প্ৰণতি নায়ক (Pranati Nayak) এগৰাকী ভাৰতীয় জিমনাষ্ট। ১৯৯৫ চনৰ ৬ এপ্ৰিল তাৰিখে পশ্চিমবংগৰ পিঙ্গলা নামৰ ঠাইত নায়কৰ জন্ম হয়। তেওঁ ২০১৯ এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপ ভল্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

প্ৰণতি নায়ক (Pranati Nayak) এগৰাকী ভাৰতীয় জিমনাষ্ট। ১৯৯৫ চনৰ ৬ এপ্ৰিল তাৰিখে পশ্চিমবংগৰ পিঙ্গলা নামৰ ঠাইত নায়কৰ জন্ম হয়।১ তেওঁ ২০১৯ এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপ ভল্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।২৩৪৫ তেওঁ ন বছৰ বয়সৰ পৰাই জিমনাষ্টিকৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু স্কুলৰ প্ৰশিক্ষকৰ পৰামৰ্শৰ পিছতে কলকাতালৈ স্থানান্তৰিত হয়। কলকাতাত তেওঁ মিনাৰা বেগমৰ তত্ত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰে। নায়কৰ ধাৰাবাহিক প্ৰদৰ্শনে তেওঁক ভাৰতীয় ৰেল বিভাগৰ চাকৰি লাভ কৰাত সহায় কৰিছিল।৬

২০২১ চনৰ এছিয়ান চেম্পিয়নশ্বিপ বাতিল হোৱাৰ পিছত নায়কে শ্ৰীলংকাৰ মিলকা গেহানিৰ সৈতে ২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত মহাদেশীয় কোটা স্থান অৰ্জন কৰে।৭ টকিঅ'লৈ যোগ্যতা অৰ্জন কৰা তেওঁ আছিল ভাৰতীয় দলৰ একমাত্ৰ জিমনাষ্ট।৮

তথ্যসূত্ৰ

  1. ↑ Gold Coast 2018 - Athlete profile
  2. ↑ (1 May 2021). Gymnast Pranati Nayak to compete at Tokyo Olympics after winning Asian quota. ESPN
  3. ↑ How the daughter of a bus driver, gymnast Pranati Nayak, reached the Olympics. The Bridge
  4. ↑ (28 June 2019). In the land of Dipa Karmakar, Pranati Nayak vaults into reckoning. Nilesh Bhattacharya. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (22 June 2019). Pranati Nayak vaults to a bronze at Asian meet: For my father, a bus driver. Shivani Naik. The Indian Express
  6. ↑ How the daughter of a bus driver, gymnast Pranati Nayak, reached the Olympics
  7. ↑ (May 11, 2021). SRI LANKAN GYMNAST MILKA GEHANI EARNS WINGS TO TOKYO OLYMPICS. Sri Lanka Foundation
  8. ↑ (1 May 2021). Gymnast Pranati Nayak to compete at Tokyo Olympics after winning Asian quota. ESPN

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় অলিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণতি নায়ক” প্ৰবন্ধৰ সংশোধন ৩৮১৮১৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।