অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুৰুষোত্তম ঠাকুৰ

পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।

জন্ম

১৪৮৩ শকৰ ফাগুনৰ সাত তাৰিখে শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান পুৰুষোত্তমৰ জন্ম হয়।১

সাহিত্যৰাজি

পুৰুষোত্তম ঠাকুৰে বৰগীতৰ আৰ্হিৰে কিছু গীত আৰু 'নৱ-ঘোষা'নামে এখনি ঘোষা পুথি ৰচনা কৰে। এওঁ আনৰ ওপৰত ৰোহ কৰি 'নৱ-ঘোষা' ৰচনা কৰিছিল;পিছত নিজৰ ভুল বুজিব পাৰি পুথিখন এপাত এপাতকৈ জুইত দিবলৈ ধৰে। বৰভকতি নামে এজন ভক্তই তাকে দেখি বাকী থকা পাতখিনি ৰক্ষা কৰে। 'নৱ-ঘোষা'খনি মাধৱদেৱৰ 'নাম-ঘোষা'ৰ মানৰ ৰচনা নহলেও ঠায়ে ঠায়ে পুৰুষোত্তম ঠাকুৰৰ ভক্তি-প্ৰৱণ কবিত্বৰ প্ৰকাশ দেখা পোৱা যায়। ইয়াত 'নাম-ঘোষা'ত নথকা বিল্বমঙ্গলৰ কৃষ্ণ-স্তোত্ৰ আদিৰ ভাঙনি সন্নিৱিষ্ট কৰা হৈছে। 'সন্তসাৰ' আৰু 'বুঢ়া-ভাষ্য' নামে দুখন পুথিও পুৰুষোত্তম ঠাকুৰৰ নামত চলা দেখা যায়।২

মৃত্যু

পুৰুষোত্তম ঠাকুৰ ১৫৩৮ শকত ইহজীৱন সমাপ্ত কৰে।৩

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা-মহেশ্বৰ নেওগ,পৃষ্ঠা নং-১৫৫
  2. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা-মহেশ্বৰ নেওগ,পৃষ্ঠা নং-১৫৫
  3. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা-মহেশ্বৰ নেওগ,পৃষ্ঠ নং-১৫৫

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ধৰ্মীয় গুৰুনৱবৈষ্ণৱ ধৰ্মভক্তি আন্দোলনঅসমীয়া কবিহিন্দু সন্তমহাপুৰুষীয়া ধৰ্মৰ অনুগামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰুষোত্তম ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৪৭১৪৯৭ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।