অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফণী ভূষণ চৌধুৰী

ফণী ভূষণ চৌধুৰী (জন্ম ১ মে' ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছে আৰু অসম গণ পৰিষদৰ এগৰাকী নেতা। তেওঁ ১৯৮৫ চনৰপৰা অবিৰতভাৱে ৮বাৰকৈ বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ অভিলেখ গঢ়ে।

হালনাগাদ: ২ মাৰ্চ ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ফণী ভূষণ চৌধুৰী (জন্ম ১ মে' ১৯৫২)১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।২ তেওঁ বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছে আৰু অসম গণ পৰিষদৰ এগৰাকী নেতা।৩ তেওঁ ১৯৮৫ চনৰপৰা অবিৰতভাৱে ৮বাৰকৈ বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ অভিলেখ গঢ়ে। ২০১৮ পৰা ২০২১ চনলৈ তেওঁ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত খাদ্য আৰু নাগৰিক যোগান, উপভোক্তা বিষয়, পেঞ্চন আৰু জনঅভিযোগ মন্ত্ৰী আছিল। ১৯৯৬ চনৰপৰা ২০০১ চনলৈকে তেওঁ অসম বিধানসভাৰ গৃহ সমিতি আৰু ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্য আছিল। ২০০৯ চনৰপৰা ২০১১ চনলৈ তেওঁ ৰাজহুৱা হিচাপ সমিতিৰ চেয়াৰমেন আছিল আৰু ২০১১ৰপৰা ২০১৬ চনলৈ অগপৰ বিধানমণ্ডলীয় দলৰ দলপতি আছিল। চৌধুৰী অসম গণ পৰিষদৰ এজন আঞ্চলিক নেতা।৪ ২০২১ চনত তেওঁ অসম বিধানসভাৰ প্ৰ’টেম স্পীকাৰ হিচাপে নিৰ্বাচিত হৈছিল।৫

নিৰ্বাচনী ৰেকৰ্ড

ফলাফলবছৰদলসমষ্টিৰ নামভোট
জয়১৯৮৩নিৰ্দলীয়বঙাইগাঁও
১৯৮৫
১৯৯১অসম গণ পৰিষদ
১৯৯৬
২০০১
২০০৬
২০১১
পৰাজয়২০১৪বৰপেটা৭৩,৭৩৩
জয়২০১৬বঙাইগাঁও৭৭,২৯২
২০২১৮২,৮০০
২০২৪বৰপেটা৮,৬০,১১৩

তথ্যসূত্ৰ

  1. ↑ (2018-12-07). Know Your New Minister Phani Bhusan Choudhury. myneta.info. NE Now News
  2. ↑ বঙাইগাঁও নিৰ্বাচনৰ ফলাফল ২০১৬
  3. ↑ List of Lok Sabha members
  4. ↑ AGP has not drifted away from goals: Atul Bora
  5. ↑ ফণী ভূষণ চৌধুৰী অসম বিধানসভাৰ প্ৰ’টেম স্পীকাৰ হিচাপে শপতগ্ৰহণ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিবিদবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফণী ভূষণ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৬২ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।