অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুতলীবাই

পুতলীবাই কৰমচান্দ গান্ধী (১৮৪৪ – ১২ জুন ১৮৯১) ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ মাতৃ। তেতিয়াৰ জুনাগড় ৰাজ্যৰ দন্তৰানা নামৰ গাঁৱত আছিল তেওঁৰ ঘৰ।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পুতলীবাই কৰমচান্দ গান্ধী (১৮৪৪ – ১২ জুন ১৮৯১) ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মোহনদাস কৰমচান্দ গান্ধীৰ মাতৃ।

তেতিয়াৰ জুনাগড় ৰাজ্যৰ দন্তৰানা নামৰ গাঁৱত আছিল তেওঁৰ ঘৰ।

প্ৰাক্তন ৰাজকোট দেৱান কৰমচান্দ গান্ধীৰ চতুৰ্থ, আৰু কনিষ্ঠ পত্নী আছিল তেওঁ। প্ৰথম দুগৰাকী পত্নীৰ প্ৰসৱকালীন সময়তে মৃত্যু হোৱা আৰু তৃতীয়গৰাকী সন্তানহীন হৈ থকাত কৰমচান্দতকৈ বাইছ বছৰ সৰু১ পুতলীবাইক বিয়া কৰাইছিল। কৰমচান্দ গান্ধীৰপৰা তেওঁ চাৰিটা সন্তান জন্ম দিছিল, মোহনদাস আছিল তেওঁৰ সৰু পুত্ৰ, যাক তেওঁ মৰমেৰে মনিয়া বুলি মাতিছিল।

তেওঁ আছিল এগৰাকী অতি ধৰ্মপ্ৰাণা মহিলা আছিল আৰু হিন্দু ধৰ্ম পালন কৰিছিল,২ যাৰদ্বাৰা মহাত্মা গান্ধীক তেওঁৰ ধৰ্মৰ বিষয়ে প্ৰাৰম্ভিক শিক্ষা দিয়া হৈছিল। মহাত্মা গান্ধীয়ে তেওঁৰ আত্মজীৱনী দ্য ষ্ট’ৰী অৱ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথত ভাৰত এৰি ইংলেণ্ডলৈ যোৱাৰ বাবে তেওঁৰ মাকে দিয়া চৰ্তবোৰৰ বিষয়ে বহুলভাৱে লিখিছিল।৩৪

তথ্যসূত্ৰ

  1. ↑ Mohan, G. Ram. (2015-08-25). The meaning of celebrating Putlibai Day. The Hindu
  2. ↑ Putlibai · GANDHIJI. www.mkgandhi.org
  3. ↑ Guha 2015, p. 32
  4. ↑ Rajmohan, Gandhi. (2006). Gandhi: The Man, His People, and the Empire. পৃ. 20–21. ISBN 978-0-520-25570-8

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুতলীবাই” প্ৰবন্ধৰ সংশোধন ৫৪০৮৪৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।