পুনম ধিল্লোঁ (Poonam Dhillon; জন্ম: ১৮ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ১৯৭৮ চনৰ এগৰাকী প্ৰাক্তন ইভছ উইকলি মিছ ইয়ং ইণ্ডিয়া।১ ১৯৭৯ চনৰ ছবি নুৰীৰ বাবে বেছিকৈ পৰিচিত। ৰেড ৰোজ (১৯৮০), দৰ্দ (১৯৮১), ৰোমাঞ্চ (১৯৮৩), সোহনী মহিৱাল (১৯৮৪), তেৰী মেহেৰবানিয়াঁ (১৯৮৫) সমুন্দৰ (১৯৮৬), সবেৰেৱালী গাড়ী (১৯৮৬), কৰ্ম (১৯৮৬), নাম (১৯৮৬) আৰু মালামাল (১৯৮৮) আদি তেওঁৰ কিছুমান সুপৰিচিত ছবি।২৩
২০০৯ চনত বিগ বছত অংশগ্ৰহণ কৰা ধিল্লোঁৱে ২০১৩ চনত চ’নী টিভিৰ শৃংখলা এক নয়ী পেহচানত শাৰদা মোদীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ থিয়েটাৰতো কাম কৰিছে, যাৰ আৰম্ভণি তেওঁ বঁটা বিজয়ী নাটক "দ্য পাৰ্ফেক্ট হাজবেণ্ড" আৰু আন বহু নাটকৰে কৰিছিল। দ্য পাৰ্ফেক্ট হাজবেণ্ডৰ কেইবাটাও শ্বো আমেৰিকা আৰু ডুবাইত হৈছিল।৪
২০০৪ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ধিল্লোঁই ২০১৯ চনত দলটোৰ মুম্বাই ইউনিটৰ উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰে।৫৬
তথ্যসূত্ৰ
- ↑ Poonam Dhillon: Act II. Khabar.com
- ↑ Bharathi S. Pradhan. (15 April 2012). Poonam's show. The Telegraph
- ↑ Shivani Mankermi. (12 January 2014). Poonam Dhillon, Bollywood beauty to telly housewife. ইণ্ডিয়া টুডে
- ↑ (28 August 2012). It's play time for Poonam Dhillon. Zee News
- ↑ (14 November 2018). Mumbai BJP's new vice-president Poonam Dhillon says she wants to be a hardcore worker, not decorative piece. Firstpost
- ↑ (15 November 2018). BJP appoints actress Poonam Dhillon as BJP Mumbai Vice-President. Mumbai Live
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুনম ধিল্লোঁ” প্ৰবন্ধৰ সংশোধন ৫৬৯৩৪০ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।