পোলেন বৰকটকী (জন্ম: ২০ অক্টোবৰ ১৯৪২) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁ সাহিত্যৰ লগতে অসম চৰকাৰৰ জলসিঞ্চন বিভাগত মুখ্য অভিযন্তা হিচাপেও কৰ্মৰত আছিল।
জন্ম আৰু শিক্ষা
পোলেন বৰকটকীৰ জন্ম ১৯৪২ চনৰ ২০ অক্টোবৰত তিনিচুকীয়াত হৈছিল। তেওঁ ১৯৫৯ চনত চামতা হাইস্কুলৰ পৰা মেট্ৰিক, ১৯৬১ চনত কটন কলেজৰ পৰা পি.ইউ. উত্তীৰ্ণ হয় আৰু ১৯৬৫ চনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী অৰ্জনৰ পাছত তেওঁ অসম চৰকাৰৰ জলসিঞ্চন বিভাগত কৰ্মজীৱন আৰম্ভ কৰে। ২০০০ চনত বিভাগটোৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰে।
সাহিত্যজীৱন
উপন্যাস
- এজন দধীচিৰ অন্বেষণত (১৯৭৩)
- শিকলি (১৯৮১)
- দুঃসময়ৰ গান (১৯৯৬)
- ফগ্লু (২০০১)
গল্পসংকলন
- মানুহৰ দান (২০০১)
তথ্য উৎস
- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোলেন বৰকটকী” প্ৰবন্ধৰ সংশোধন ৫২৬৯৬৩ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।