পূজা গৌতমী উমাশংকৰ এগৰাকী ভাৰতীয় আৰু শ্ৰীলংকান অভিনেত্ৰী যিয়ে মূলত তামিল ভাষা আৰু সিংহল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু ব্যক্তিগত জীৱন
পূজাৰ পিতৃ, এইচ. আৰ. উমাশংকৰ, এজন কৰ্ণাটকৰ শৃংগেৰীৰ কন্নড় ভাষা ব্ৰাহ্মণ আছিল, আৰু মাতৃ, সন্দ্যা, এজনী শ্ৰীলংকান সিংহল মহিলা। তেওঁৰ পিতৃ হিন্দুস্তান ইউনিলিভাৰত কৰ্মৰত আছিল। পূজাই শ্ৰীলংকাত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰাৰ পিছত ভাৰতলৈ আহি চিকমগালুৰ আৰু মাইচোৰত অধ্যয়ন কৰে।১
পূজাই কন্নড় ভাষা, সিংহল, তামিল ভাষা আৰু ইংৰাজী ভাষা ভাষা ক'ব পাৰে৷২
২০১৬ চনৰ ডিচেম্বৰ মাহত শ্ৰীলংকাৰ ব্যৱসায়ী প্ৰশন ডেভিদ ভেঠাকনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩
জীৱন আৰু জীৱিকা
পূজা প্ৰথমে পৰিচালক জীৱাৰ জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেওঁ ২০০৩ চনত উল্লাম কেট্কুমায়ে ছবিৰ জৰিয়তে অভিনয় আৰম্ভ কৰে। তেওঁৰ দ্বিতীয় ছবি জয় জয় (২০০৪) আছিল, যি তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ।৪
চলচ্চিত্ৰ তালিকা
| + | বছৰ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
| ২০০৩ | জয় জয় | সীমা | তামিল | ||
| ২০০৪ | আট্টাহাসাম | সপনা | তামিল | ||
| ২০০৫ | উল্লাম কেট্কুমায়ে | আইৰিন | তামিল | ||
| ২০০৬ | আঞ্জালিকা | আঞ্জালিকা, উত্থাৰা | সিংহল | ||
| ২০০৯ | নান কাদাৱুল | হমশাৱালি | তামিল | ||
| ২০১২ | কুসা পাবা | পাবাৱথী | সিংহল | ||
| ২০১৩ | ভিডিয়ুম মুন | ৰেখা | তামিল | ||
| ২০১৬ | পাঠ্তিনী | কান্নাগী | সিংহল |
টেলিভিছন
| + | অনুষ্ঠান | ভূমিকা | ভাষা | ধৰণ |
| দাস্কন | প্ৰিন্সেছ প্ৰমিলা | সিংহল | টেলিছিৰিয়েল | |
| Dance Jodi Dance | বিচাৰক | তামিল | ৰিয়েলিটি শ্বো |
বঁটা আৰু সন্মান
| + | বছৰ | বঁটা | শ্ৰেণী | চলচ্চিত্ৰ | ফলাফল |
| ২০০৯ | তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা | সৰ্বশ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী | নান কাদাৱুল | ||
| ২০১০ | ফিল্মফেয়াৰ দক্ষিণ চলচ্চিত্ৰ বঁটা | সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী (তামিল) | নান কাদাৱুল | ||
| ২০১৩ | হিৰু গ'ল্ডেন ফিল্ম এৱাৰ্ড | আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী | কুসা পাবা |
তথ্যসূত্ৰ
- ↑ (30 May 2007). I am enjoying every moment of acting. দ্য হিন্দু
- ↑ (January 16, 2017). Actress Pooja gets married. The Times of India
- ↑ (January 16, 2017). Actress Pooja gets married. The Times of India
- ↑ (30 November 2007). Oram Po… here she comes. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা উমাশংকৰ” প্ৰবন্ধৰ সংশোধন ৫০৩১৫২ (১০ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।