পূৰ্ণচন্দ্ৰ গোস্বামী অসমৰ এজন শিশু সাহিত্যিক, স্বাধীনতা সংগ্ৰামী, সমাজসেৱক, প্ৰকাশক, মুদ্ৰক আৰু সত্ৰাধিকাৰ। যোৰহাট জিলাৰ অন্তৰ্গত বৰবামচুঙীৰ ধলৰসত্ৰত ১৯১১ চনৰ ১৩ এপ্ৰিল তাৰিখে পূৰ্ণচন্দ্ৰ গোস্বামীৰ জন্ম হয়। গোস্বামীয়ে চৈধ্যখন শিশু-গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে। ভিন্নধৰ্মী সাধুকথা, কেইজনমান লোকৰ জীৱনী, নীতি শিক্ষা ইত্যাদি তেওঁৰ শিশু সাহিত্যৰ বিষয়বস্তু।
শিশু সাহিত্য সম্ভাৰ
- জিলিংখাপৰ সাধু (১৯৫৫)
- আজিৰ দিনৰ সাধু
- পাহাৰী সাধু (১৯৫৭)
- সুৱদি সাধু (১৯৫৪)
- এচকুৱা ভাটৌৰ সাধু (১৯৯৩)
- নতুন সাধু (১৯৫২)
- উৰণীয়া সৈনিকৰ জুৰণীয়া উপাখ্যান (১৯৫৩)
- আজিৰ দিনৰ উপাখ্যান (১৯৫৬)
- ফুল কোঁৱৰৰ উপাখ্যান (১৯৫৯)
- তাহানিখনৰ কথা (১৯৫৫)
- এই সকল কোন বাৰু? (১৯৫৫)
- জনা গাভৰুৰ গীত (১৯৭৯)
- তাই মাই (১৯৫৩)
- সামাজিক আচৰণ (১৯৫৭)
তেখেতৰ মৃত্যুৰ পিছত সেই চৈধ্যখন গ্ৰন্থৰ একত্ৰ সংকলন ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদনাত ‘পূৰ্ণচন্দ্ৰ গোস্বামী শিশু-লেখা মালঞ্চ‘ নামেৰে প্ৰকাশ হৈছে।
সহায়ক গ্ৰন্থ
- ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদিত ‘পূৰ্ণচন্দ্ৰ গোস্বামী শিশু-লেখা মালঞ্চ‘ গ্ৰন্থ, পুথিতীৰ্থ প্ৰকাশন,২০১১।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণচন্দ্ৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ২৮৬৬৮৪ (১৭ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।