অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰদীপ ভূঞা

ড° প্ৰদীপ ভূঞা অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

ড° প্ৰদীপ ভূঞা অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক৷১

প্ৰাৰম্ভিক জীৱন

১৯৬১ চনত জামুগুৰিহাটৰ মাধৱ গাৱত ড° প্ৰদীপ ভূঞা জন্মগ্ৰহণ কৰে৷ ছাত্ৰ অৱস্থাৰ পৰা তেওঁ অসমীয়া সাহিত্য চৰ্চা আৰম্ভ কৰে৷১

কৰ্মজীৱন

ড° প্ৰদীপ ভূঞা চতিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ৰূপে কৰ্মৰত আছিল৷ জীৱন কালত তেওঁ ডেৰকুৰিৰো অধিক গ্ৰন্থেৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায় ৷ সাহিত্য চৰ্চাৰ লগতে তেওঁ সাংবাদিকতাও কৰে৷ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে৷

অৱদান

গ্ৰন্থ

  • তেজফুলৰ গামোচা
  • জীয়াভৰলীৰ ধল
  • স্নেহবন্ধন
  • প্ৰেমবন্দিনী
  • শংকৰদেৱ-মাধৱদেৱৰ তত্ত্বকথা
  • অসমীয়া সাহিত্যৰ জিলিঙনি
  • মাধৱদেৱৰ সাহিত্য চৰ্চা
  • কামসেন্দূৰ
  • মেঘৰ বাবে
  • আকাশী গংগা
  • নৰমেধ
  • মহাপতন
  • ৰঙামেঘ
  • মায়া কন্যা
  • মৰতৰ ফুল
  • জীৱন তৃষ্ণা
  • মহাপ্ৰস্থান
  • জীৱনৰ ৰং
  • উত্তৰাধিকাৰী

মৃত্যু

উচ্চ ৰক্তচাপজনিত ৰোগত অসুস্থ হৈ থকা প্ৰদীপ ভূঞাই ২০১৪ চনৰ ৬ আগষ্টৰ দিনা মৃত্যুবৰণ কৰে৷১

তথ্যসূত্ৰ

  1. ↑ 'আমাৰ অসম' কাকতৰ ৬ আগষ্টত প্ৰকাশিত বাতৰি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদীপ ভূঞা” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৭২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।