অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ্য ৰাজেন্দ্ৰন

আৰ্য ৰাজেন্দ্ৰন (Arya Rajendran, জন্ম: ১২ জানুৱাৰী ১৯৯৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান কেৰালাৰ ৰাজধানী তথা বৃহত্তম নগৰ থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ। তেওঁ ২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত মুদাভানমুকাল ৱাৰ্ডৰ পৰা থিৰুৱন্তপুৰম পৌৰনিগমলৈ নিৰ্বাচিত হৈছিল।

হালনাগাদ: ২০ জানুৱাৰী ২০২৪ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আৰ্য ৰাজেন্দ্ৰন (Arya Rajendran, জন্ম: ১২ জানুৱাৰী ১৯৯৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান কেৰালাৰ ৰাজধানী তথা বৃহত্তম নগৰ থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ।১২৩ তেওঁ ২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত মুদাভানমুকাল ৱাৰ্ডৰ পৰা থিৰুৱন্তপুৰম পৌৰনিগমলৈ নিৰ্বাচিত হৈছিল। ২১ বছৰ বয়সতে ৱাৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ থিৰুৱন্তপুৰমৰ মেয়ৰ পদত অধিষ্ঠিত হয়। তেওঁ ভাৰতৰ কনিষ্ঠতম মেয়ৰ। ৪ তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য।

প্ৰাৰম্ভিক জীৱন

১৯৯৯ চনৰ ১২ জানুৱাৰী তাৰিখে আৰ্য ৰাজেন্দ্ৰনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাজেন্দ্ৰন এগৰাকী ইলেক্ট্ৰিচিয়ান আৰু মাতৃ শ্ৰীলতা এগৰাকী ভাৰতীয় জীৱন বীমাৰ এজেণ্ট।৫৬ তেওঁ ত্ৰিৱান্দ্ৰমৰ কাৰ্মেল বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান থিৰুৱন্তপুৰমৰ কেৰালা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত অল চেইণ্ট কলেজত গণিতৰ স্নাতক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী।

ৰাজনীতি

আৰ্য ৰাজেন্দ্ৰন বিশ্বৰ সৰ্ববৃহৎ শিশু সংগঠন 'বালসংগম'ৰ ৰাজ্যিক অধ্যক্ষ।৬৭ ইয়াৰ লগতে তেওঁ ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক কমিটিৰ সদস্য।৫৮৯ইয়াৰ লগতে তেওঁ চালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ আঞ্চলিক কমিটিৰ সদস্য।১

২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত থিৰুৱন্তপুৰম পৌৰনিগমৰ মুদাভানমুকাল ৱাৰ্ডৰ পৰা জিলাৰ কনিষ্ঠতম প্ৰাৰ্থী হিচাপে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাৰ্থী আছিল।১০১১ এই নিৰ্বাচনত তেওঁ ইউডিএফ পাৰ্টিৰ শ্ৰীকলাক ২৮৭২ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।৫

নিৰ্বাচনৰ পিছত পৌৰনিগমৰ সদস্য সকলে তেওঁক থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ নিৰ্বাচিত কৰে। ইয়াৰ লগে লগে তেওঁ ভাৰতৰ কনিষ্ঠতম মেয়ৰ হিচাপে পৰিগণিত হয়। তেওঁ ২৩ বছৰ বয়সত কোল্লামৰ মেয়ৰ পদ লাভ কৰা সবিথা বেগমৰ অভিলেখ ভংগ কৰে।১২

তথ্যসূত্ৰ

  1. ↑ India: 21-year-old student Arya Rajendran set to become mayor in Kerala. gulfnews.com
  2. ↑ (2020-12-25). Arya Rajendran, 21, to be India’s Youngest Mayor from Kerala's Capital Thiruvananthapuram. News18
  3. ↑ Anandan, S. (2020-12-26). Arya Rajendran · From the classroom to Corporation. The Hindu
  4. ↑ Staff, Scroll. 21-year-old set to become Thiruvananthapuram mayor, youngest in the country. Scroll.in
  5. ↑ 21-year-old BSc student Arya Rajendran to become youngest Mayor in Kerala. The New Indian Express
  6. ↑ (2020-12-25). Meet Arya Rajendran, electrician's daughter set to become Thiruvananthapuram city mayor, youngest in India. Deccan Herald
  7. ↑ Dec 27, TNN /; 2020; Ist, 04:26. CPM’s bet on youth is part of a smart strategy · Thiruvananthapuram News - Times of India. The Times of India
  8. ↑ At 21, Arya Rajendran is all set to become India's youngest mayor. WION
  9. ↑ (2020-12-25). 21-yr-old Arya Rajendran may be Thiruvananthapuram’s new Mayor. The News Minute
  10. ↑ 21-year-old Arya Rajendran to be Thiruvananthapuram Mayor. Mathrubhumi
  11. ↑ Writer, Staff. (2020-12-26). At 21, this college student from Kerala is set to become India's youngest mayor. mint
  12. ↑ (2020-12-27). Arya Rajendran, 21, set to be Thiruvananthapuram mayor | Thiruvananthapuram News. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্য ৰাজেন্দ্ৰন” প্ৰবন্ধৰ সংশোধন ৪০২৯৮১ (২০ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।