অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম ইব্ৰাহিম আলি

এম ইব্ৰাহিম আলি(M Ibrahim Ali) (১৯১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় দৰং জিলাৰ, 'মঙলদৈ'ৰ ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত।

হালনাগাদ: ৪ জুন ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

এম ইব্ৰাহিম আলি(M Ibrahim Ali) (১৯১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় দৰং জিলাৰ, 'মঙলদৈ'ৰ ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত। ১

জীৱনৰ আদি ভাগ

ইম ইব্ৰাহিম আলিৰ জন্ম হয় ১৯১৭ চনত। তেওঁৰ পিতৃ মৰহুম আবিদ আলি আৰু মাতৃ আমিনা খাতুন। মঙলদৈ হাই স্কুলৰ অষ্টম শ্ৰেণীলৈকে পঢ়ি যোৰহাট নৰ্মাল স্কুলত নাম লগায়। পাছত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে এম. এ. ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন

এম ইব্ৰাহিম আলি আছিল এজন শিক্ষক, বিদ্যালয়ৰ উপ-পৰিদৰ্শক। তেওঁ সৈন্য বাহিনীৰ চাকৰিটো যোগদান কৰিছিল। তেওঁ এজন সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৫১ চনৰ পৰা চাৰিবছৰ কাল তেওঁ শিশু আলোচনী 'কাঁচিজোন'ৰ সম্পাদক আছিল। তেওঁ কবিতা, জীৱনী, উপন্যাস, শিশু-উপন্যাস আদি সাহিত্যৰ নানান দিশত মূল্যৱান অহিৰণা আগবঢ়ায়।

সাহিত্য

কবিতা পুথি

  • ‘চাহাৰা’ (১৯৪৭),
  • ‘নিস্তব্ধ, বিষাদ’ (১৯৭৪)

উপন্যাস

  • ‘পৰী কুৱঁৱৰীৰ দেশত’ (১৯৫৫,)
  • 'ৰাজদ্ৰোহী'
  • 'মাটি আৰু সোণ'
  • 'পুৱতি নিশাৰ অনামী তৰা'

শিশু সাহিত্য

  • ‘কাঁচিজোন’ (আলোচনী)
  • ‘পৰী কুৱঁৰীৰ দেশত’ (শিশু উপন্যাস,১৯৫৫)
  • 'কুমাৰী জেবুন্নিচা'
  • 'চোহৰাব ৰুস্তম'

বঁটা আৰু সন্মান

শিশু উপন্যাস ‘পৰী কুৱঁৰীৰ দেশত’ গ্ৰন্থৰ বাবে তেওঁ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ শিৱনাথ বৰ্মন. (২০০৯). এম.ইব্ৰাহিম আলি, অসমীয়া জীৱনী অভিধান. বনলতা. পৃ. ১৩

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম ইব্ৰাহিম আলি” প্ৰবন্ধৰ সংশোধন ৫১৪৯০১ (৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।