ইদ্ৰিছ আলি (; জন্ম: ১৯৪১ ) অসমৰ এগৰাকী সাহিত্যিক আৰু প্ৰসিদ্ধ গীতিকাৰ।১ তফজ্জুল আলিৰ প্ৰেৰণাৰে তেওঁ সাহিত্য আৰু সংগীত জগতত প্ৰৱেশ কৰিছিল যদিও ঘাইকৈ তেওঁ গীতিকাৰ ৰূপে পৰিচিত।২চাকৰিসূত্ৰে তেওঁ এগৰাকী অধ্যাপক আছিল।
সংক্ষিপ্ত জীৱনী
১৯৪১ চনৰ ১ মে' তাৰিখে দৰং জিলাৰ শিঙিমাৰীত ইদ্ৰিছ আলিৰ জন্ম হয়। ১৯৬৫ চনত তেওঁ [[গুৱাহাটী বিশ্ববিদ্যালয়|গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিছু বছৰ অসম প্ৰকাশন পৰিষদৰ সহায়ক ৰূপে কাম কৰাৰ পিছত তেওঁ মঙলদৈ মহাবিদ্যালয়ত প্ৰবক্তা ৰূপে যোগদান কৰে। ১৯৮৭ চনৰ পৰা ২০০১ চনলৈ তেওঁ এই মহাবিদ্যালয়ত চাকৰি কৰি ইয়াৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। গীত ৰচনাৰ উপৰিও ইদ্ৰিছ আলিয়ে বহুসংখ্যক কবিতা আৰু প্ৰৱন্ধ, কেইবাখনো উপন্যাস আৰু শিশু গ্ৰন্থ ৰচনা কৰিছে। ‘নিৰিবিলি’ আৰু ‘সুৰনিতা’ ইদ্ৰিছ আলিৰ দুখন প্ৰকাশিত গীতৰ পুথি।১ লিখা-মেলাৰ উপৰিও আলি বিভিন্ন সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠানৰ সৈতে জড়িত আছিল। ২০০৫ চনত তেওঁ অসম চৰকাৰে প্ৰদান কৰা সাহিত্যিক পেঞ্চন লাভ কৰে। ২০২৫ চনত তেওঁ অসম সাহিত্য সভাই প্ৰদান কৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে।২
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৮৫৯. ISBN 978-93-81485-82-8৮৮
- ↑ সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰণ্য ১০০. কথা. পৃ. ২৭৯. ISBN 81-89148-14-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইদ্ৰিছ আলি” প্ৰবন্ধৰ সংশোধন ৫৯৯৮৩২ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।