উমা নেহৰু (Uma Nehru; ৮ মাৰ্চ ১৮৮৪ – ২৮ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ।
কৰ্মজীৱন
২০ শতিকাৰ আৰম্ভণিতে ১৯০৯ চনত ৰামেশ্বৰী নেহৰুৱে প্ৰতিষ্ঠা কৰা মহিলাৰ মাহেকীয়া আলোচনী স্ত্ৰী দৰ্পণত তেওঁ নাৰীবাদী মতামত প্ৰকাশ কৰিছিল।১
তেওঁ দাণ্ডী যাত্ৰা আৰু ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত কাৰাগাৰত ভৰ্তি হৈছিল।২ স্বাধীনতাৰ পিছত উত্তৰ প্ৰদেশৰ সীতাপুৰৰ পৰা তেওঁ দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হয়।৩ ১৯৬২ চনৰ পৰা মৃত্যুৰ আগলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।.৪
ব্যক্তিগত জীৱন
আগ্ৰাত জন্মগ্ৰহণ কৰা নেহৰুৱে হুবলিৰ চেণ্ট মেৰী কনভেণ্টত শিক্ষা গ্ৰহণ কৰে।৩ ১৯০১ চনত জৱাহৰলাল নেহৰুৰ খুলশালীয়েক ছামলাল নেহৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীটিৰ এগৰাকী কন্যা শ্যাম কুমাৰী আৰু এজন পুত্ৰ আনন্দ কুমাৰ আছিল।৫ আনন্দ কুমাৰ নেহৰুৰ পুত্ৰ অৰুণ নেহৰু আশীৰ দশকত ৰাজীৱ গান্ধীৰ চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী আছিল। ১৯৬৩ চনৰ ২৮ আগষ্টত লক্ষ্ণৌত উমা নেহৰুৰ মৃত্যু হয়।৬
গ্ৰন্থ উৎস
তথ্যসূত্ৰ
- ↑ Anup Taneja. (2005). Gandhi, Women, and the National Movement, 1920–47. Har-Anand Publications. পৃ. 46–47
- ↑ R. S. Tripathi, R. P. Tiwari. (1999). Perspectives on Indian Women. APH Publishing. পৃ. 143. ISBN 81-7648-025-8
- ↑ Members Bioprofile. 164.100.47.132
- ↑ Rajya Sabha
- ↑ Nehru-Gandhi family tree
- ↑ (30 August 1963). Homage to Uma Nehru. পৃ. 5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা নেহৰু” প্ৰবন্ধৰ সংশোধন ৫৮৩৬০৪ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।