উইলিয়াম ৱাৰ্ড (? -- ১ আগষ্ট ১৮৭৩) অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুণোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম। ১৮৪৩ চনত খৃষ্টান ধৰ্মত দীক্ষা লৈ আমেৰিকাৰপৰা ১৮৫০ চনত আহি গুৱাহাটীত উপস্থিত হয় আৰু 'বেপ্টিষ্ট মিছন'ত যোগ দিয়ে। ১৮৫৭ চনৰপৰা ১৮৬০ চনলৈ স্বাস্থ্যোদ্ধাৰৰ বাবে আমেৰিকালৈ যায়। উভতি আহি শিৱসাগৰ বেপ্টিষ্ট মিছনত যোগ দিয়ে। ১৮৬১ চনৰপৰা শিৱসাগৰ এৰালৈ (১৮৬৮/১৮৬৯) 'অৰুণোদই' কাকতৰ সম্পাদনাৰ দায়িত্বত আছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উইলিয়াম ৱাৰ্ড” প্ৰবন্ধৰ সংশোধন ২৮৮২৯৩ (২৭ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।