আহমদ ছফা (৩০ জুন ১৯৪৩ – ২৮ জুলাই ২০০১) এগৰাকী বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ আৰু গণবুদ্ধিজীৱী আছিল।১ জাতীয় অধ্যাপক আবদুৰ ৰাজ্জাক, ছলিমুল্লাহ খান আৰু বহুতৰ মতে মীৰ মশ্বাৰৰফ হোছেন আৰু কাজী নজৰুল ইছলামৰ পিছত সবতকৈ গুৰুত্বপূৰ্ণ বঙালী মুছলমান লেখক হৈছে আহমদ ছফা।১২৩৪৫ তেখেতৰ লিখাত বাংলাদেশী জাতিসত্তাৰ পৰিচয় নিৰ্ধাৰণ প্ৰাধান্য পাইছে। তেখেতে ১৮খন নন-ফিকছন কিতাপ, ৮খন উপন্যাস, ৪খন কাব্যগ্ৰন্থ, ১খন চুটিগল্প সমগ্ৰ আৰু অন্যান্য কেইখনমান কিতাপ লিখিছে।
বাংলাদেশৰ স্বাধীনতাৰ অব্যবহিত পিছত ৰচিত 'বুদ্ধিবৃত্তিৰ নতুন বিন্যাস' (১৯৭২) প্ৰন্ধগ্ৰন্থত আহমদ ছফাই বাংলাদেশৰ বুদ্ধিবৃত্তিক জগতৰ মানচিত্ৰ অঙ্কন কৰে আৰু বাংলাদেশী বুদ্ধিজীৱীসকলৰ সুবিধাবাদিতাৰ নগ্ন ৰূপ উন্মোচন কৰে তথা বুদ্ধিজীৱীসকলৰ সঁচাৰৰ দায়িত্বৰ স্বৰূপ আৰু দিকনিৰ্দেশনা বৰ্ণনাপূৰ্বক তেওঁলোকক সতৰ্ক কৰি দিবলৈ বুদ্ধিজীৱীসকলৰ ব্যৰ্থতাত বাংলাদেশৰ কি দুৰ্দশা হ’ব পাৰে সেই সম্পৰ্কে ভৱিষ্যদ্বাণী কৰে।৬৭
তথ্যসূত্ৰ
- ↑ Khan, Salimullah. (2013). Ahmed Sofa Sonjiboni. Agamee Prakashani. পৃ. 21. ISBN 978-984-04-1585-4
- ↑ Anwar, Nurul. (2010). Sofamrita. Khan Brothers and Company. পৃ. 1. ISBN 978-984-408-171-0
- ↑ Amin, Dr. Mohammad. (17 March 2017). Ahmed Sofa:Bangla Sahityer Anabadya Rupakar. The Daily Sangram. Bangladesh Publications Ltd
- ↑ Anam. (28 July 2015). The voice of the deprived. The Daily Star. Transcom Group
- ↑ Khan, Salimullah. (28 July 2012). Ahmed Sofa Bishaye Salimullah Khan, Sathrang. ATN Bangla. Asian Television Network
- ↑ Umar, Badruddin. (2011). Sampratik Bibechana: Buddhibrittir Natun Bynyas. Khan Brothers and Company. পৃ. 46. ISBN 978-984-408-137-6
- ↑ Talukdar, Zakir. (15 August 2013). Ahmed Sofa Jakhan Buddhibrittir Natun Binyas Kamana Karen. Sampratik Deshkal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহমদ ছফা” প্ৰবন্ধৰ সংশোধন ১৯৭২২৮ (১০ জুন ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।