অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আল্পনা গোস্বামী

আল্পনা গোস্বামী (Alpana Goswami; জন্ম: ১৮ আগষ্ট ১৯৫৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বাংলা চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। তেওঁক আল্পনা বসু নামেৰেও জনা যায়। গোস্বামীৰ ঘৰ হুগলী জিলাৰ বাণ্ডেলত। ১৯৭০ দশকৰ শেষৰ ফালে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আল্পনা গোস্বামী (Alpana Goswami; জন্ম: ১৮ আগষ্ট ১৯৫৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বাংলা চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। তেওঁক আল্পনা বসু নামেৰেও জনা যায়।১২

গোস্বামীৰ ঘৰ হুগলী জিলাৰ বাণ্ডেলত।৩ ১৯৭০ দশকৰ শেষৰ ফালে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল। ৰূপালী পৰ্দাত তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ কৃষ্ণ সুদামাত (১৯৭৯) আছিল। বৰ্তমান তেওঁ আমেৰিকাত থাকে।৪

গোস্বামীয়ে ৰামমোহন মঞ্চ আৰু বিশ্বৰূপাত জড়িত হোৱাৰ পাছত অভিনয় জীৱন আৰম্ভ কৰিছিল। নিয়মিতভাৱে কলকাতাৰ থিয়েটাৰত অভিনয় কৰিছিল। গোস্বামীয়ে প্ৰথমে সূৰ্য্য তৃষ্ণা ছবিত কাম কৰিছিল। ১৯৭৯ চনত কৃষ্ণ সুদামা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা গোস্বামীয়ে ছবিখন মুক্তি পোৱাৰ পিছত ১৯৮০ দশকৰ এগৰাকী বিখ্যাত বাঙালী অভিনেত্ৰী হিচাপে পৰিগণিত হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Alpana Goswami movies and filmography. Cinestaan
  2. ↑ Alpana Goswami on Moviebuff.com. Moviebuff.com
  3. ↑ Daw, Nivedita. (21 June 2014). 'বৈদুৰ্য্য ৰহস্য'ৰ সিক্যুয়েলটা যদি হত... Ei Samay
  4. ↑ Debnath, Shanoli. (14 May 2020). উত্তমকুমাৰেৰ নায়িকা আৰ সত্যজিতেৰ ছবিতে অভিনয়, জীবনেৰ এই দুই অপূৰ্ণ ইচ্ছে. Indian Express Bangla

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল্পনা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪৮৫৪৬৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।