আৰণমুলা পোন্নাম্মা (ইংৰাজী: Aranmula Ponnamma; ৮ এপ্ৰিল ১৯১৪ – ২১ ফেব্ৰুৱাৰী ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে পাঁচ দশকৰো অধিক সময়ৰ কৰ্মজীৱনত অসংখ্য ছবিত নায়কৰ মাতৃ হিচাপে অভিনয় কৰি পৰিচিত আছিল। মালয়ালম চলচ্চিত্ৰত তেওঁক মাতৃৰূপে বহুলভাৱে বৰ্ণনা কৰা হয়।[১২ ২০০৫ চনত মালয়ালম চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেৰালা চৰকাৰৰ সৰ্বোচ্চ সন্মান জে চি ডেনিয়েল বঁটাৰে সন্মানিত কৰে।
প্ৰাথমিক জীৱন
ত্ৰিভাংকুৰৰ আৰণমুলাত পোন্নাম্মাৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ এম. কেশৱ পিল্লাই আৰু মাতৃ পাৰকুট্টি আম্মা।৩ তেওঁৰ চাৰিজন ভাই-ভনী ৰামকৃষ্ণ পিল্লাই, পংকিয়াম্মা, ভাস্কৰ পিল্লাই আৰু থানাম্মা।৪ ১২ বছৰ বয়সত কৰ্ণাটকী সংগীতৰ কণ্ঠশিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পাম্পা নদীৰ পাৰত হিন্দু মহামণ্ডলে আয়োজন কৰা সভাৰ আগত গান গাই আৰম্ভ কৰিছিল। ১৫ বছৰ বয়সত পালাৰ এখন প্ৰাথমিক বিদ্যালয়ত সংগীত শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰে, তাৰ পিছত ছিনিয়ৰ শ্ৰেণীত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তাই স্বাতী তিৰুণাল মিউজিক একাডেমীৰ প্ৰথম বেটচৰ ছাত্ৰ-ছাত্ৰীৰ লগত যোগদান কৰে। পাঠ্যক্ৰমৰ পিছত তেওঁক ত্ৰিবান্দ্ৰমৰ কটন হিল গাৰ্লছ হাইস্কুলত সংগীত শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ Notice of Aranmula Ponnamma's death
- ↑ (12 January 2007). Matriarch of Mollywood. The Hindu
- ↑ Manorama Online |
- ↑ CINIDIARY - A Complete Online Malayalam Cinema News Portal. cinidiary.com
- ↑ (16 May 2012). Aranmula Ponnamma cremated. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰণমুলা পোন্নাম্মা” প্ৰবন্ধৰ সংশোধন ৪৯১০৩৭ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।