ওমৰ কুৰেছি (Omar Kureishi; জন্ম:১৯২৮ – ১৪ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী সাহিত্যিক। তেওঁ বিমান পৰিবহণ আৰু সাংবাদিকতাৰ১ উপৰি বিজ্ঞাপন উদ্যোগতো২ কাম কৰিছিল। তেওঁ ডউন, দ্য পাকিস্তান টাইমছ, মৰ্নিং নিউজ আৰু লণ্ডনৰ দ্য গাৰ্ডিয়ানৰ বাবে নিয়মীয়াকৈ লিখিছিল।১ ক্ৰিকেটৰ লেখা আৰু ধাৰাভাষ্যৰ বাবে তেওঁ বেছিকৈ পৰিচিত আছিল যদিও ৰাজনৈতিক আৰু সামাজিক উন্নয়নৰ প্ৰতিও তেওঁ তীক্ষ্ণ পৰ্যবেক্ষকৰ দৃষ্টি ৰাখিছিল আৰু সেইবোৰ বিষয়ত নিজৰ ভাষাৰে লেখা-মেলা কৰিছিল। এই লেখাসমূহ তেওঁ খঙেৰে লিখা নাছিল যদিও এইবোৰত তেওঁৰ ক্ষোভৰ প্ৰকাশ ঘটিছিল।১
২০০৫ চনৰ ১৪ মাৰ্চত, ৭৭ বছৰ বয়সত হৃদযন্ত্ৰৰ অসুখত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ বিধৱা পত্নী, পুত্ৰ জাভেদ আৰু দুগৰাকী নাতি-নাতিনীক এৰি থৈ যায়।১ ২০০১ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে তেওঁক সীতাৰা-ই-ইমটিয়াজ (ষ্টাৰ অৱ এক্সিলেন্স) বঁটা প্ৰদান কৰিছিল।১
পৰিয়াল আৰু শিক্ষা
কুৰেছিৰ পিতৃ এম এ কুৰেছি ভাৰতীয় চিকিৎসা সেৱা বিভাগৰ এগৰাকী কৰ্মী আছিল।১ ভাৰত বিভাজনৰ পূৰ্বে সমগ্ৰ ভাৰতৰ বিভিন্ন ঠাইলৈ কৰ্মসূত্ৰে তেওঁ বদলি হোৱাৰ বাবে পৰিয়ালটোৱে সঘনাই ঠাই সলাই থাকিব লগা হৈছিল। তেওঁৰ পৰিয়ালটো আছিল এঘাৰ গৰাকী ভাই-ভনীৰে গঠিত এটি বৃহৎ পৰিয়াল।১ ওমৰ কুৰেছিয়ে ১৯৫০ চনৰ আৰম্ভণিতে দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক(International Relation)ত ডিগ্ৰী লাভ কৰিছিল। তেওঁ জাভেদ কুৰেছি নামে এগৰাকী পুত্ৰ সন্তানৰ পিতৃ। দুটি নাতি ছাইফ আৰু তনয়া কুৰেছি। মুম্বাইত স্কুলত পঢ়ি থাকোঁতে ওমৰ কুৰেছি জুলফিকৰ আলি ভুট্টোৰ সহপাঠী আছিল আৰু পিছলৈ ইউ এছ চিত তেওঁলোকে একেলগে পঢ়িছিল।১
সংক্ষিপ্ত জীৱনী
কৰ্ম জীৱনৰ প্ৰথম সময়ছোৱাত, ওমৰ কুৰেছিয়ে কিছু দিন এটা ৰেডিঅ’ ষ্টেচনৰ সৈতে কাম কৰিছিল। হলিউডৰ এখন চলচ্চিত্ৰৰ এটি সৰু চৰিত্ৰতো তেওঁ অভিনয় কৰিছিল।১ ১৯৫০ দশকৰ মাজ ভাগত তেওঁ কৰাছীলৈ আহে আৰু বন্ধ হৈ যোৱা পাকিস্তান ষ্টেণ্ডাৰ্ডত কাম কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁ ‘টাইমছ অৱ কৰাছী’ৰ স্থানীয় সম্পাদকৰ পদত অধিষ্ঠিত হয়। তেওঁৰ ভাতৃ চট্টু কুৰেছিৰ পাকিস্তান বিমানবন্দৰৰ ওচৰত এয়াৰ কটেজ নামেৰে এটি ঘৰ আছিল। চট্টু অতিথিপ্ৰিয় আছিল আৰু তেওঁ নিজৰ বাসগৃহত প্ৰতি সপ্তাহতে নিয়মীয়াকৈ বন্ধু বান্ধৱৰ বাবে একোটি আড্ডাৰ আয়োজন কৰিছিল। কৰাছীৰ বৌদ্ধিক আৰু সৃষ্টিশীল নতুন চিন্তা-চৰ্চা কৰা মহলত ফ্ৰাইডে ইভিনিং এট এয়াৰ কটেজ নামেৰে এই আড্ডাটো সোনকালেই জনপ্ৰিয় হয় আৰু ওমৰ কুৰেছি সোনকালেই এই আড্ডাৰ অভিন্ন অংশ হৈ পৰে।১
ক্ৰিকেট খেলৰ ধাৰাভাষ্যকাৰ হিচাপে তেওঁৰ কৰ্মজীৱনৰ সময়ত তেওঁ পাকিস্তান আৰু বিদেশৰ বিভিন্ন কাকতলৈ লিখিছিল যদিও ২৫ বছৰতকৈও বেছি সময় তেওঁ ‘ডউন’ৰ বাবে নিয়মীয়াকৈ লেখিছিল। ক্ৰিকেট বিষয়ত তেওঁ স্তম্ভলেখন কৰিছিল।১ মুম্বাই আৰু দিল্লীত থকা সময়ৰ উপৰিও তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল আৰু বিদেশত থকা সময় আৰু ক্ৰিকেট জগত ভ্ৰমণ সম্পৰ্কে স্মৃতিৰ ওপৰত ভিত্তি কৰি তেওঁ স্তম্ভলেখন কৰিছিল। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত ‘ব্লেক মুডচ্’, ‘আউট টু লাঞ্চ’, ‘দ্য চিষ্টেম’, ‘দ্য আডাৰ চাইড অৱ ডেলাইট’, ‘এজ টাইম গৌজ বাই’ আৰু ‘ওৱানচ্ আপন আ টাইম’ উল্লেখযোগ্য।১
কেতিয়াও প্ৰথম শ্ৰেণী বা টেষ্ট ক্ৰিকেট খেলা নাছিল যদিও তেওঁ এজন অসাধাৰণ আৰু অত্যন্ত প্ৰতিভাসম্পন্ন ক্ৰিকেট ধাৰাভাষ্যকাৰ আছিল।৩ওমৰ কুৰেছিয়ে ১৯৭৪ চনত ইংলেণ্ড আৰু ১৯৭৮–৭৯ চনত নিউজিলেণ্ডলৈ পাকিস্তান ক্ৰিকেট ভ্ৰমণ পৰিচালনা কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ (2005-03-15). Sports writer, columnist Omar Kureishi passes away. DAWN.COM
- ↑ Paracha, Nadeem F. (2014-08-28). Calling on the game: History of cricket commentary in Pakistan. DAWN.COM
- ↑ (2005-05-05). Stump the Bearded Wonder No 98
- ↑ Wisden 2006, p. 1512
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওমৰ কুৰেছি” প্ৰবন্ধৰ সংশোধন ৪৫৫৩৪০ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।