ড° ইৰশ্বাদ কামিল (Irshad Kamil; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় কবি আৰু গীতিকাৰ।১ তেওঁৰ ৰচিত গীতসমূহ ওৱান্স আপন এ টাইম ইন মুম্বাই, জব উই মেট, চামেলি, লাভ আজ কাল, ৰকষ্টাৰ, লায়লা মজনু, আছিকি ২, ৰাঞ্ঝনা, হাইৱে, তামাছা, জব হেৰী মেট চেজল, কবীৰ সিং, ডাংকী আৰু লাভ আজ কালকে ধৰি বলীউডৰ বহুতো ছবিত ব্যৱহৃত হৈছে।
গীতৰ কথা লিখাৰ বাবে তেওঁ কেইবাটাও বঁটাৰ বাবে মনোনীত হোৱাৰ উপৰিও অসংখ্য বঁটা লাভ কৰিছে। তেওঁ শ্ৰেষ্ঠ গীতিকাৰৰ শিতানত কেইবাটাও ফিল্মফেয়াৰ বঁটা, আইফা বঁটা আৰু জি চিনে বঁটা লাভ কৰিছে।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
পঞ্জাবৰ মালেৰকোট্লাত এটি পঞ্জাবী পৰিয়ালত কামিলে জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃ-মাতৃৰ সপ্তম সন্তান।৩
তেওঁ পঞ্জাব বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ অধ্যয়ন কৰিছিল। ইয়াৰ পিছত হিন্দীত স্নাতকোত্তৰ আৰু পৰৱৰ্তী সময়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে৷৩
তথ্য উৎস
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ About Me
- ↑ Irshad Kamil - Awards. IMDb
- ↑ (22 October 2014). I am a closed-door rebel: Irshad Kamil
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰশ্বাদ কামিল” প্ৰবন্ধৰ সংশোধন ৫৩২৭২০ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।