কভাৰ মডেল (Cover model) হ'ল এনে এজন পুৰুষ বা মহিলা যাৰ ফটো আলোচনী এখনৰ বেটুপাতত প্ৰকাশিত হয়৷ কভাৰ মডেলজন সাধাৰণতে এগৰাকী ফেশ্বন মডেল বা চেলিব্ৰিটি নাইবা কোনো প্ৰতিযোগিতাৰ বিজয়ী হয়। সাধাৰণতে, কভাৰ মডেলসকলক অকলশৰীয়াকৈয়ে চিত্ৰিত কৰা হয়; কিন্তু কেতিয়াবা আলোচনীসমূহে বেটুপাতখন প্ৰস্তুত কৰোঁতে একাধিক কভাৰ মডেলৰ সহায় লয়।১ মহিলা কভাৰ মডেলসকলক প্ৰায়ে "কভাৰ গাৰ্ল" বুলি উল্লেখ কৰা হয়।
কভাৰ মডেলসকলে সাধাৰণতে আলোচনীখনৰ বাবে ফেশ্বন বা প’ৰ্ট্ৰেইট ফটোগ্ৰাফী ফটো শ্বুটত অংশগ্ৰহণ কৰে। যেতিয়া কোনো আলোচনীয়ে বেটুপাতৰ চিত্ৰৰ বাবে এটা স্পষ্ট বা ষ্টক ইমেজৰ ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত ইয়াক "কভাৰ মডেল" বা "কভাৰ গাৰ্ল"ৰ পৰিৱৰ্তে আলোচনী "কভাৰ" বুলি কোৱা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কভাৰ মডেল” প্ৰবন্ধৰ সংশোধন ৪৫২৩৭৩ (৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।