উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছন (১৮৭০ – ১৯৫৩) কটন কলজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। এখেতৰ জন্ম হৈছিল ইংলেণ্ডৰ নেট্লীত। লণ্ডন বিশ্ববিদ্যালয়ৰপৰা বি.এ. উপাধি লৈ ভাৰতীয় শিক্ষা সেৱা বিভাগত (আই.ই.এছ.) যোগদান কৰে। প্ৰথমে উত্তৰ প্ৰদেশৰ 'বৰেলী কলেজ'ৰ ইংৰাজীৰ অধ্যাপক নিযুক্ত হয়। ১৯০১ চনত কটন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত এই কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে যোগদান কৰে। তেখেতৰ যত্নতে প্ৰতিষ্ঠাৰ ৯ বছৰৰ পাছতে কটন কলেজৰ দ্বিতীয় শ্ৰেণীৰপৰা প্ৰথম শ্ৰেণীৰ কলেজলৈ উন্নীত হয়। ১৯১৮ চনত কটন কলেজে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰেষ্ঠ কলেজৰ সন্মান লাভ কৰে। ১৯০৮ চনত ছুডমাৰ্ছন চাহাব প্ৰশাসনিক শাখাৰ বিষয়া নিৰ্বাচিত হয়। প্ৰশাসন আৰু শিক্ষাৰ উপৰিও অভিনয়তো ৰাপ আছিল। ১৯২৬ চনলৈ একেৰাহে ২৬ বছৰ কটন কলেজৰ অধ্যক্ষৰ দায়িত্ব বহন কৰি শেষত ইংলেণ্ডলৈ উভতি যায়। তাতে ইষ্টব'ৰ্ন চহৰত ছুডমাৰ্ছনৰ মৃত্যু হয়। তেখেতৰ ৰচিত গ্ৰন্থ: Notes on Assamese Language and Literature.১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছন” প্ৰবন্ধৰ সংশোধন ২৮৮২৯১ (২৭ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।