এলডোজ পল (Eldhose Paul; জন্ম: ৭ নৱেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এথলেটিকছ বিভাগৰ ট্ৰিপল জাম্পত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২২ চনত তেওঁ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ট্ৰিপল জাম্পৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।১ ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ পুৰুষৰ ট্ৰিপল জাম্পত সোণৰ পদক লাভ কৰে। ইয়াৰ লগেলগে তেওঁ কমনৱেলথ গেমছৰ এই প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।২
তথ্যসূত্ৰ
- ↑ (22 July 2022). Triple jumper Eldhose Paul qualifies for World C’ships final. The Indian Express
- ↑ (7 August 2022). Eldhose, Abdulla give India historic 1-2 in triple jump. ESPN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলডোজ পল” প্ৰবন্ধৰ সংশোধন ৩৩০৫৯৪ (১৫ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।