অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিজাবেথ হাবাৰ্ড

এলিজাবেথ হাবাৰ্ড আছিল এগৰাকী আমেৰিকান মহিলা যি চেলেম ডাইনী বিচাৰৰ প্ৰাথমিক প্ৰৰোচক হিচাপে বেছিকৈ পৰিচিত। ১৬৯২ চনৰ বসন্ত কালত হাবাৰ্ডৰ বয়স আছিল ১৭ বছৰ। বিচাৰ চলি থকা ১৫ মাহত বিশজন লোকক মৃত্যুদণ্ড দিয়া হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

এলিজাবেথ হাবাৰ্ড আছিল এগৰাকী আমেৰিকান মহিলা যি চেলেম ডাইনী বিচাৰৰ প্ৰাথমিক প্ৰৰোচক হিচাপে বেছিকৈ পৰিচিত। ১৬৯২ চনৰ বসন্ত কালত হাবাৰ্ডৰ বয়স আছিল ১৭ বছৰ।১ বিচাৰ চলি থকা ১৫ মাহত বিশজন লোকক মৃত্যুদণ্ড দিয়া হৈছিল।

প্ৰাথমিক জীৱন

১৬৭৪ চনত মেছাচুচেটছ বে কলনীত জন্মগ্ৰহণ কৰিছিল এলিজাবেথ হাবাৰ্ডে। হাবাৰ্ড আছিল এগৰাকী অনাথ আৰু তেওঁৰ ককাক ডা° উইলিয়াম গ্ৰীগছৰ সৈতে বাস কৰিছিল। তাই তেওঁৰ দাসী হিচাপে কাম কৰাইছিল।২

চেলেম ডাইনী বিচাৰত জড়িত হোৱা

৯ৰপৰা ১৭ বছৰ বয়সৰ ছোৱালীৰ এটা দল চেলেমৰ ডাইনী বিচাৰৰ মূল অভিযোগকাৰী আছিল।৩ এই গোটত এলিজাবেথ হাবাৰ্ড আছিল এন পুটনাম, মেৰী ৱালকট, এলিজাবেথ “বেটী” পেৰিছ, এবিগেল উইলিয়ামছ, এলিজাবেথ বুথ, মাৰ্চি লুইছ আৰু মেৰী ৱাৰেন।৩

এবিগেল উইলিয়ামছ আৰু বেটী পেৰিছে প্ৰথমে ৰহস্যময় "অচেতন" অনুভৱ কৰিছিল, যাৰ লক্ষণসমূহৰ ভিতৰত আছিল বস্তু পেলোৱা, চিঞৰ-বাখৰ কৰা আৰু শৰীৰৰ বিকৃতি। ডা° গ্ৰীগছে চহৰৰ চিকিৎসক হিচাপে কাম কৰি এই সিদ্ধান্তত উপনীত হয় যে ছোৱালীকেইজনীৰ আচৰণৰ উৎস অলৌকিক।৪ যিহেতু এলিজাবেথ হাবাৰ্ড গ্ৰীগছৰ দাসী আছিল, সেয়েহে সম্ভৱতঃ তেওঁ অচেনত হৈ যোৱাৰ লগত জড়িত লক্ষণসমূহৰ বিষয়ে অন্তৰংগভাৱে সচেতন আছিল। ১৬৯২ চনৰ ১ ফেব্ৰুৱাৰীত হাবাৰ্ডৰ ই প্ৰথম “অচেতন’’ৰ ৰেকৰ্ড কৰা হয়।১

হাবাৰ্ডৰ বয়সৰ বাবে তাই শপতনামাৰ অধীনত সাক্ষ্য দিব পাৰিছিল, যাৰ ফলত তেওঁৰ বিচাৰত মুখ্য ভূমিকা আছিল। তাইৰ সাক্ষ্য বিশেষভাৱে পতিয়ন যোগ্য বুলি গণ্য কৰা হৈছিল আৰু বিচাৰৰ সময়ত “অচেতন’’তা পোৱাৰ ফলত তাই বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বাবে পৰিচিত আছিল। এলিজাবেথ প্ৰক্টৰৰ বিচাৰৰ সময়ত হাবাৰ্ডে গভীৰ সমাধিৰ অধীনত থকা আৰু কথা ক’ব নোৱাৰা বুলি কৈছিল:

"মই চাৰা গুডৰ আবিৰ্ভাৱ দেখিছিলোঁ, যিয়ে মোক আটাইতকৈ বেছি অত্যাচাৰ কৰিছিল, কিন্তু মই ২৭ ফেব্ৰুৱাৰীলৈকে তাইৰ নাম নাজানিছিলোঁ, আৰু তাৰ পিছত তাই মোক ক'লে যে তাইৰ নাম চাৰা গুড, আৰু তাৰ পিছত তাই মোক খুঁচিছিল আৰু মোক আটাইতকৈ বেয়াকৈ পিটিকিছিল, আৰু লগতে তেতিয়াৰপৰাই, কেইবাবাৰো, মোক তাইৰ [চয়তানৰ] কিতাপখনত লিখিবলৈ তীব্ৰভাৱে আহ্বান জনাইছিল"৫

বিচাৰ চলি থকাৰ লগে লগে হাবাৰ্ডে অধিক অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰে।৩ ১৬৯৩ চনৰ ৭ জানুৱাৰীত তেওঁ শেষ সাক্ষ্য দিছিল।১ ৰেকৰ্ডত দেখা গৈছে যে তেওঁ ৪০টা আইনী অভিযোগ দাখিল কৰিছিল আৰু ৩২ বাৰ সাক্ষ্য দিছিল। তেওঁৰ সাক্ষ্যৰ ফলত ১৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয়, ১৩ জনক ফাঁচি দিয়া হয় আৰু দুজনৰ জেলত মৃত্যু হয়।১

পৰীক্ষাৰ পিছত জীৱন

বিচাৰ সমাপ্ত হোৱাৰ পিছত হাবাৰ্ডৰ কি হ’ল সেয়া স্পষ্ট নহয়। আমেৰিকাৰ ইতিহাসবিদ মেৰী বেথ নৰ্টনে তেওঁৰ গ্ৰন্থ ইন দ্য ডেভিল’ছ স্নেয়াৰত কৈছে যে: ১৬৯২ চনৰ চেলেম ডাইনী সংকট যিটো হাবাৰ্ডে চেলেমৰপৰা মেছাচুচেটছৰ গ্ল’চেষ্টাৰলৈ গুচি যায়। নৰ্টনে কয় যে হাবাৰ্ডে জন বেনেট নামৰ এজন মানুহক বিয়া কৰাইছিল, যাৰপৰা তেওঁৰ চাৰিটা সন্তান জন্ম হৈছিল। নৰ্টনে এলিজাবেথ হিবাৰ্ট নামৰ এগৰাকী মহিলাৰ প্ৰকাশিত বিবাহৰ ৰেকৰ্ড উল্লেখ কৰিছে যদিও এলিজাবেথ হিবাৰ্ট যে এলিজাবেথ হাবাৰ্ড আছিল সেয়া নিশ্চিতভাৱে জনা নাযায়।৬

তথ্যসূত্ৰ

  1. ↑ Nichols, Amy. Salem Witch Trials: Elizabeth Hubbard
  2. ↑ Hill, Frances. (19 October 2000). The Salem Witch Trials Reader. Hachette Books. ISBN 9780306809460
  3. ↑ Blumberg, Jess. A Brief History of the Salem Witch Trials
  4. ↑ Elizabeth Hubbard (Salem Witch Trials). Project Gutenberg
  5. ↑ Bos, Carole. Salem Witch Trials-Spectral Evidence
  6. ↑ Norton, Mary Beth. (2003). In the Devil's Snare: The Salem Witchcraft Crisis of 1692. New York: Alfred A. Knopf. পৃ. 310, 410. ISBN 978-0-375-70690-5

সম্পৰ্কিত শ্ৰেণী

অপৰাধ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিজাবেথ হাবাৰ্ড” প্ৰবন্ধৰ সংশোধন ৬৩১৮৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।