ঈশ্বৰ প্ৰসন্ন হাজৰিকা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়া। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ১৯৯৬ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।১২৩
জীৱনী
ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ জন্ম ১৯৩৭ চনত উত্তৰ লখিমপুৰত হৈছিল। তেওঁৰ পিতৃ তীৰ্থেশ্বৰ হাজৰিকা এগৰাকী আইনজ্ঞ আছিল আৰু তেওঁৰ মাতৃ আছিল মোক্ষদা দেৱী।৪ দুয়ো ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় আছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত শিক্ষা লাভ কৰা৫ হাজৰিকাদেৱ পাছলৈ ভাৰতীয় ৰাজস্ব সেৱাৰ বিষয়া হ'ল। তদুপৰি, তেওঁ এন টি পি চি, এম এম টি চি, এছ টি চি আদি ৰাজহুৱা খণ্ডৰ কোম্পানীৰ সঞ্চালকৰ ভূমিকাও গ্ৰহণ কৰিছিল।৫৬৭
১৯৯৬ চনত তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
তথ্যসূত্ৰ
- ↑ India. Parliament. Lok Sabha. (1997). Lok Sabha Debates. Lok Sabha Secretariat. পৃ. 85
- ↑ India. Parliament. Lok Sabha. (2003). Indian Parliamentary Companion: Who's who of Members of Lok Sabha. Lok Sabha Secretariat. পৃ. 186
- ↑ Election Commission of India; India. Parliament. Lok Sabha. (1996). Statistical Report on General Elections, 1996 to the Eleventh Lok Sabha: Detailed results. Election Commission of India. পৃ. 45
- ↑ Kalra, Siddhant. (18 August 2017). “Assam Still Remains Isolated,” Rues 80-Year-Old Freedom Fighter. The Quint
- ↑ Biographical Sketch, Member of Parliament, XI Lok Sabha, Hazarika Shri Ishwar Prasanna. Official Website of the Lok Sabha
- ↑ Ishwar Prasanna. Assamese at Delhi/ NCR
- ↑ Neog. (2014). A Voice for Assam in Parliament. Rainbow Publications. পৃ. iii-iv. ISBN 978-93-82624-94-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশ্বৰ প্ৰসন্ন হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩৮৭৬৯৭ (১৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।