এলবাৰ্ট বান্দুৰা (Albert Bandura, জন্ম-৪ ডিচেম্বৰ ১৯২৫) হৈছে এগৰাকী কানাডীয়-আমেৰিকান মনোবিজ্ঞানী। তেখেত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত ডেভিড ষ্টাৰ জৰ্ডান প্ৰফেচাৰ এমিৰেটাছ। মনোবিজ্ঞান আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা একাধিক উল্লেখযোগ্য বৰঙণিৰ বাবে বান্দুৰা জনাজাত। তেখেতৰ কেইখনমান ঘাঁই বিচৰণস্থলী হৈছে-সামাজিক বোধগত তত্ত্ব, থেৰাপি, আৰু ব্যক্তিত্ব মনোবিজ্ঞান। আচৰণবাদ আৰু বোধগত মনোবিজ্ঞানৰ মাজত একধৰণৰ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত বান্দুৰাৰ ভূমিকা লেখত ল'বলগীয়া। বান্দুৰাই সামাজিক শিকন তত্ত্ব (যাক সামাজিক বোধগত তত্ত্ব হিচাপে পুনৰ নামকৰণ কৰা হৈছে), স্ব-কাৰ্যকাৰিতা আৰু পৰ্যবেক্ষণমূলক শিকনলৈ প্ৰভাৱশালী বৰঙণি আগবঢ়াইছে। তেখেতৰ তত্ত্বাৱধানত সম্পন্ন হোৱা ব'ব' পুতলাৰ পৰীক্ষা স্মৰণীয়।
২০০২ চনত সম্পন্ন হোৱা এটা বিশেষ জৰীপে কৈছিল যে-কুৰি শতিকাৰ সততে উচ্চাৰিত আৰু উদ্ধৃত মনোবিজ্ঞানীৰ ভিতৰত তেখেত অন্তৰ্ভুক্ত। বি.এফ. স্কিনাৰ, চিগ্মণ্ড ফ্ৰয়েড আৰু জিন পিয়াগেটৰ পিছতেই তেখেতৰ স্থান।১ বান্দুৰাক জীৱিত অৱস্থাত থকা মহান মনোবিজ্ঞানীৰ তালিকাত ব্যাপক ৰূপত সন্নিৱিষ্ট কৰা হয়।২৩৪৫ ইয়াৰ লগতে তেখেতক সৰ্বকালৰ এগৰাকী প্ৰভাৱশালী মনোবিজ্ঞানী হিচাপে গণ্য কৰা হয়।৬৭
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Haggbloom S.J. (2002). The 100 most eminent psychologists of the 20th century, Review of General Psychology, 6 (2). 139–152
- ↑ Showcasing The Very Best Online Psychology Videos. All-about-psychology.com
- ↑ Foster, Christine. (July 2, 2003). STANFORD Magazine: September/October 2006 > Features > Albert Bandura. Stanfordalumni.org
- ↑ Vancouver, The. (December 6, 2007). Canadian-born psychology legend wins $200,000 prize. Canada.com
- ↑ Clay, Rebecca A. (March 2016). Albert Bandura receives National Medal of Science. Monitor on Psychology. পৃ. 8
- ↑ (September 24, 2010). 10 Most Influential Psychologists. Psychology.about.com
- ↑ C. George Boeree. (December 4, 1925). Albert Bandura. Webspace.ship.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলবাৰ্ট বান্দুৰা” প্ৰবন্ধৰ সংশোধন ৫৮২২৪০ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।