অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঈশ্বৰ্য মেনন

ঈশ্বৰ্য মেনন (Iswarya Menon) এগৰাকী ভাৰতীয় অভিনেত্ৰী; তেওঁ তামিল, কানাড়া, তেলেগু আৰু মালয়ালম ছবিত কাম কৰে। ঈশ্বৰ্য মেননৰ পৰিয়াল কেৰালাৰ চেন্দমংগলমৰ। জন্ম আৰু ডাঙৰ-দীঘল তামিলনাডুৰ ইৰোডত হৈছে। ইৰোডৰ ভেলালাৰ মেট্ৰিক স্কুলত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে।

হালনাগাদ: ৬ জুন ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ঈশ্বৰ্য মেনন (Iswarya Menon) এগৰাকী ভাৰতীয় অভিনেত্ৰী; তেওঁ তামিল,১ কানাড়া, তেলেগু আৰু মালয়ালম ছবিত কাম কৰে।২৩

ঈশ্বৰ্য মেননৰ পৰিয়াল কেৰালাৰ চেন্দমংগলমৰ। জন্ম আৰু ডাঙৰ-দীঘল তামিলনাডুৰ ইৰোডত হৈছে। ইৰোডৰ ভেলালাৰ মেট্ৰিক স্কুলত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে।৪ তেওঁ এছ আৰ এম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন'লজীৰ পৰা ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰে।৫

কৰ্মজীৱন

মেননক প্ৰথমবাৰৰ বাবে তামিল কমেডী ছবি থিয়া ভেলাই ছেইয়ানুম কুমাৰুত দেখা গৈছিল।৬ এম এছ ৰমেশৰ পৰিচালনাত নিৰ্মিত দাসৱালা ছবিৰে কানাড়া উদ্যোগত অক্ষৰা হিচাপে আত্মপ্ৰকাশ কৰে, য’ত তেওঁ যোগী খ্যাত প্ৰেমৰ বিপৰীতে তেওঁক অভিনয় কৰিছিল।৭ ২০১৩ চনৰ ১১ অক্টোবৰত মুক্তি পোৱা ছবিখন আৰু মানসিকভাৱে বিকলাংগ ছোৱালীৰ ভূমিকাত তেওঁৰ অভিনয়ে সমাদৰ লাভ কৰে।৮৯ তেওঁৰ পৰৱৰ্তী মুক্তি আছিল তামিল ছবি এপ্পল পেনে।১০ ছবিখন মাতৃ আৰু কন্যাৰ সম্পৰ্কৰ ওপৰত আধাৰিত আছিল, য'ত ঈশ্বৰ্য কন্যাৰ চৰিত্ৰ আৰু ৰোজাই মাতৃৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।১১ ইয়াৰ পিছত তেওঁক কানাড়া হৰৰ কমেডী নমো ভুতাত্মাত দেখা যায়।১২

তথ্যসূত্ৰ

  1. ↑ Andrea Jeremiah to Iswarya Menon: Kollywood celebrities who have social media pages for their pets. The Times of India
  2. ↑ (13 June 2023). Will the release of the much-anticipated pan India movie 'Spy' be postponed due to reported differences between Nikhil Siddhartha and the producer?. The Times of India
  3. ↑ (22 February 2023). This 'Spy' poses a threat to Samantha. Newstap
  4. ↑ (23 October 2022). Blast From The Past: Iswarya Menon Visits Her Old School In Erode. Outlook India
  5. ↑ A Sharadhaa. Not relying on luck alone: Akshara Menon. The New Indian Express
  6. ↑ (8 October 2013). 'Dasavala' blossoms this friday. Sify
  7. ↑ Dasavala to go on floors on May 22. The Times of India
  8. ↑ (12 October 2013). Daswala movie review: Wallpaper, Story, Trailer. The Times of India
  9. ↑ (12 October 2013). Daswala movie review: Wallpaper, Story, Trailer. The Times of India
  10. ↑ Gupta, Rinku. (22 October 2013). A heroine centric debut. The New Indian Express
  11. ↑ Apple Penne gets U certificate. The Times of India
  12. ↑ Watch: Trailer of Namo Bhootaathma

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশ্বৰ্য মেনন” প্ৰবন্ধৰ সংশোধন ৫১৫৪১৮ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।