অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উষা গাংগুলী

উষা গাংগুলী (Usha Ganguli; ১৯৪৫ – ২৩ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় নাট পৰিচালক, অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ ১৯৭০ আৰু ১৯৮০ দশকত কলকাতাৰ হিন্দী থিয়েটাৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উষা গাংগুলী (Usha Ganguli; ১৯৪৫ – ২৩ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় নাট পৰিচালক, অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ ১৯৭০ আৰু ১৯৮০ দশকত কলকাতাৰ হিন্দী থিয়েটাৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। ১৯৭৬ চনত তেওঁ ৰংগকৰ্মী থিয়েটাৰ গ্ৰুপ প্ৰতিষ্ঠা কৰে, যি মহাভোজ, ৰুদালী, ক'ৰ্ট মাৰ্শ্বেল, অন্তৰযাত্ৰা আদি প্ৰযোজনাৰ বাবে পৰিচিত।১২ পদাতিকৰ (১৯৭২ চনত প্ৰতিষ্ঠিত) অভিনেতা শ্যামানন্দ জালানৰ বাহিৰে তেওঁ আছিল কলকাতাত হিন্দী নাট চৰ্চা কৰা একমাত্ৰ আন এগৰাকী নাট্য পৰিচালক, যি গৰাকী ব্যক্তি মূলতঃ বাংলা ভাষী।৩৪

১৯৯৮ চনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী- সংগীত নাটক একাডেমীয়েয়ে প্ৰদান কৰা সংগীত নাটক একাডেমী বঁটা লাভ কৰে।[6] গুড়িয়া ঘৰ নাটকৰ বাবেও তেওঁক পশ্চিম বংগ চৰকাৰে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে সন্মানিত কৰে।৫

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (29 October 1997). Calcutta, home to Hindi Theatre. The Hindu
  2. ↑ (2009). Panelist: Usha Ganguly – South Asian Theater Festival, 2009. South Asian Theater Festival
  3. ↑ Dharwadker, p. 440
  4. ↑ Borah, Prabalika M. (1 March 2011). The language of expression. দ্য হিন্দু
  5. ↑ (20 September 2004). Using theatre to voice her deepest concerns. The Tribune

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় মঞ্চ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা গাংগুলী” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৯৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।