উত্তৰা বাওকৰ (Uttara Baokar; ৫ আগষ্ট ১৯৪৪ – ১২ এপ্ৰিল ২০২৩)১ এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ, আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰিছিল। তাৰ ভিতৰত ”মুখ্যমন্ত্ৰী ”ত পদ্মাৱতী, ”মেনা গুৰজাৰী”ত মেনা, শ্বেক্সপীয়েৰৰ ”অথেলো ”ত ডেছডিমোনা, নাট্যকাৰ গিৰীশ কৰ্ণাদৰ ”তুগলক ”ত মাক, ”ছোটে ছৈয়দ বড়ে ছৈয়দ”ত নাচনী ছোৱালী আৰু ”উমৰাও জান”ত উমৰাওৰ চৰিত্ৰত অভিনয় কৰিছিল।২ ১৯৭৮ চনত কুসুম কুমাৰে হিন্দীলৈ অনুবাদ কৰা জয়ন্ত দলৱীৰৰ নাট “সন্ধ্যা ছায়া” পৰিচালনা কৰে।৩
১৯৮৪ চনত অভিনয়ৰ বাবে সংগীত নাটক অকাডেমী বঁটা (হিন্দী থিয়েটাৰ) লাভ কৰে।৪ তেওঁ মাৰাঠী ছবি, যেনে সদাশিৱ অম্ৰপুৰকাৰ আৰু ৰেনুকা দফতৰদাৰৰ সৈতে “দোঘী“ (১৯৯৫), উত্তৰায়ণ (২০০৫),“ছেৱৰী“ (২০০৬), আৰু সোণালী কুলকাৰ্ণীৰ সৈতে “ৰেষ্টুৰেণ্ট“ (২০০৬) আদি ছবিত অভিনয় কৰে।৫
উত্তৰাই ইব্ৰাহিম আলকাজিৰ অধীনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীত৬ অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু ১৯৬৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে।৭
তথ্যসূত্ৰ
- ↑ (12 April 2023). National Award-winning actress Uttara Baokar passes away at 79. The Times of India
- ↑ (30 June 2005). Of days that were... দ্য হিন্দু
- ↑ (23 April 2010). Those lonely sunset days. The Hindu
- ↑ (3 May 2008). Marathi cinema gets the sensitive and intelligent film-lover. The Economic Times
- ↑ (13 April 2023). 'A remarkable human being': Neena Kulkarni, Manoj Joshi remember late actress Uttara Baokar on social media. The Economic Times
- ↑ (24 February 2008). Theatre is revelation. দ্য হিন্দু
- ↑ K. Moti Gokulsing; Wimal Dissanayake. (17 April 2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 77–. ISBN 978-1-136-77284-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰা বাওকৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৯৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।