আজলীতৰা নেওগ (১৯১৩–১৯৪৯) এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
সংক্ষিপ্ত জীৱনী
১৯১৩ চনৰ ৫ ডিচেম্বৰত আজলীতৰা নেওগৰ জন্ম হৈছিল। তেওঁ বেণুধৰ ৰাজখোৱা আৰু ৰত্নকুমাৰীৰ পঞ্চম কন্যা আছিল।১ তেওঁ ৰচিত শিশু গ্ৰন্থসমূহ হ'ল: ‘আলিবাবা আৰু দুকুৰি ডকাইত’, ‘সিন্দবাদ আৰু সাতোটি জলযাত্ৰা’, ‘আলাউদ্দিন আৰু এটি আচৰিত চাকি’, ‘আনন্দৰাম ঢেকিয়াল ফুকন’, ‘গুণাভিৰাম বৰুৱা’।২
১৯৩০ চনত ডিম্বেশ্বৰ নেওগৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ মুঠ সাতটা সন্তান (তিনিজন পুত্ৰ আৰু চাৰিগৰাকী জী) আছিল। ১৯৪৯ চনৰ ১ নৱেম্বৰৰ দিনা কেৱল ৩৫ বছৰ বয়সতে আজলীতৰা নেওগৰ মৃত্যু হয়।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ About Ajaleetora Neog. dimbeswarneog.com
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজলীতৰা নেওগ” প্ৰবন্ধৰ সংশোধন ৬১৮৪৬৪ (২১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।