অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজেন্দৰ সিং

বিজেন্দৰ সিং বেনিৱাল (Vijender Singh Beniwal; জন্ম: ২৯ অক্টোবৰ ১৯৮৫) এজন ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ। এজন অপেছাদাৰী হিচাপে, তেওঁ ২০০৮ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় বক্সাৰ আছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বিজেন্দৰ সিং বেনিৱাল (Vijender Singh Beniwal; জন্ম: ২৯ অক্টোবৰ ১৯৮৫) এজন ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ। এজন অপেছাদাৰী হিচাপে, তেওঁ ২০০৮ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় বক্সাৰ আছিল। তেওঁ ২০০৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু ২০১০ চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে ২০০৬ আৰু ২০১৪ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিছিল। আটাইবোৰ পফক আছিল মিডলৱেইট বিভাগত।১

২০১৫ চনৰ জুনত আই.অ'.এছ. ক্ৰীড়া আৰু মনোৰঞ্জনৰ জৰিয়তে কুইন্সবেৰী প্ৰম'চনৰ সৈতে এক বহু-বছৰীয়া চুক্তি স্বাক্ষৰ কৰি বিজেন্দৰ সিঙ পেছাদাৰী বক্সাৰ হৈ পৰে। ইয়াৰ ফলত তেওঁ ২০১৬ চনৰ অলিম্পিকত অংশগ্ৰহণৰ যোগ্যতা হেৰুৱাই যিটো তেওঁৰ চতুৰ্থটো অলিম্পিক হ'লহেঁতেন।২

তথ্যসূত্ৰ

  1. ↑ Vijender Singh - BoxRec. boxrec.com
  2. ↑ Olympic bronze-medallist boxer Vijender Singh turns professional, will miss Rio Olympics. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বক্সাৰঅলিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজেন্দৰ সিং” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৪১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।