বিষ্ণুপ্ৰিয়া দেৱী হৈছে প্ৰাক্-জোনাকী যুগৰ এগৰাকী বিশিষ্ট কবি। তেওঁ গুণাভিৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা আছিল। ১৮৮৪ চনত শিশু আৰু চেমনীয়াসকলৰ বাবে নীতিকথা নামৰ এখন অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনত অনেক সাৰগৰ্ভ নীতিবচন আছে। তেওঁ অসমত নাৰীক শিক্ষিত কৰি তুলিবলৈ তেওঁ বিশেষ যত্ন কৰিছিল।
চমু জীৱনী
বিষ্ণুপ্ৰিয়া দেৱীৰ পিতৃৰ নাম হৈছে লম্বোদৰ কটকী। বিষ্ণুপ্ৰিয়া এগৰাকী বিদূষী আৰু সাহসী মহিলা আছিল। সমাজসেৱাতো বিষ্ণুপ্ৰিয়া সদায় আগৰণুৱা আছিল।
ব্যক্তিগত জীৱন
লম্বোদৰ কটকীৰ কন্যা বিষ্ণুপ্ৰিয়াৰ প্ৰথম বিবাহ হৈছিল ১৮৫৩ চনত পৰশুৰাম বৰুৱাৰ লগত। পৰশুৰাম বৰুৱাৰ অকাল মৃত্যু আৰু গুণাভিৰাম বৰুৱাৰ প্ৰথমা পত্নীৰ বিয়োগৰ পিচত অসমত সেই সময়ত বিধৱা বিবাহ প্ৰথা নিষিদ্ধ থকা সত্বেও ১৮৭০ চনত বিষ্ণুপ্ৰিয়াৰ সন্মতিসাপেক্ষে গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়াৰ বিবাহ সম্পন্ন হৈছিল। ১৮৭২ চনত বিবাহ পঞ্জীয়ন আইন অনুসৰি পঞ্জীয়নভুক্ত এইখনেই অসমৰ প্ৰথম পঞ্জীয়নভুক্ত বিবাহ।
মৃত্যু
১৮৯২ চনৰ ২২ মাৰ্চত বিষ্ণুপ্ৰিয়া দেৱীৰ মৃত্যু হয়।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণুপ্ৰিয়া দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৯৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।