ৰাণী মায়াদেৱী (Queen Māyā of Sakya; Māyādevī) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সন্ত গৌতম বুদ্ধৰ জন্মদাত্ৰী মাতৃ। তেওঁ প্ৰথম বৌদ্ধ ভিক্ষুণী প্ৰজাপতি গৌতমীৰ বায়েক আৰু ৰজা শুদ্ধোধনৰ পত্নী। গৌতম বুদ্ধ বা সিদ্ধাৰ্থৰ প্ৰসৱৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।১২
জীৱনী

]]
কপিলাবস্তুৰ শাক্য বংশীয় ৰজা শুদ্ধোধনে মায়া দেৱীক বিবাহ কৰায়। মায়া শুদ্ধোধনৰ খুৰাকৰ জীয়ৰী; যি দেৱদহৰ ৰজা আছিল। বিয়াৰ বিশ বছৰ পাছলৈকে দুয়োৰো সন্তান নাছিল। কিংবদন্তি অনুসৰি এদিন পূৰ্ণিমা ৰাতি মায়া দেৱীয়ে এটা সপোন দেখে। তেওঁক যেন চাৰিজন দেৱদূতে হিমালয়ৰ হ্ৰদ এটালৈ কঢ়িয়াই লৈ গৈছে। তাত তেওঁ স্নান কৰে আৰু স্বৰ্গীয় বসন পৰিধান কৰে। এনেতে এটা শুকুলা হাতীয়ে শূৰেৰে এপাহ পদুম ফুল লৈ তেওঁৰ চাৰিওদিশে তিনিবাৰ প্ৰদক্ষিণ কৰি তেওঁৰ গৰ্ভত প্ৰৱেশ কৰে। মায়া দেৱীয়ে অনুভৱ কৰিলে যে এই সপোনটোৱে তেওঁলৈ সৌভাগ্যৰ বতৰা কঢ়িয়াই আনিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়া (বুদ্ধদেৱৰ মাতৃ)” প্ৰবন্ধৰ সংশোধন ৩৯২০০২ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।