ৰামেশ্বৰ তেলী (Rameswar Teli) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত বাস কৰে। তেওঁ বৰ্তমান ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ। ২০১৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ টিকটত তেওঁ সাংসদ নিৰ্বাচিত হয়। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ১৭তম লোকভালৈ নিৰ্বাচিত হয় আৰু মোদী কেবিনেটত খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰীৰ পদৱী লাভ কৰে।
কৰ্মজীৱন
ৰামেশ্বৰ তেলীৰ জন্ম দুলীয়াজানত হয়। তেওঁৰ পিতৃৰ নাম বুধু তেলী। তেওঁ ২০০১ চনত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা জয়ী হয়। আকৌ ২০০৬ চনৰ নিৰ্বাচনত জয়ী হয়।১ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ তেওঁৰ প্ৰতিদ্বন্দ্বী অমিয়া গগৈৰ হাতত প্ৰায় ৩০০০ ভোটত পৰাস্ত হয়।২ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তেওঁ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামেশ্বৰ তেলী” প্ৰবন্ধৰ সংশোধন ৪২১০৮৪ (১৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।