উদয় উমেশ ললিত (Uday Umesh Lalit; জন্ম: ৯ নৱেম্বৰ ১৯৫৭) ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।১ মুখ্য ন্যায়াধীশ এন. ভি. ৰমনায়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল।২ ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পূৰ্বে তেওঁ উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ উচ্চতম ন্যায়ালয়লৈ পোনপটীয়াকৈ উন্নীত হোৱা ছয়গৰাকী জ্যেষ্ঠ অধিবক্তাৰ ভিতৰত ন্যায়াধীশ ললিত অন্যতম আছিল।৪৫৬ বৰ্তমান তেওঁ এজন বিশিষ্ট আইনবিদ আৰু অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্চিটিৰ আইন আৰু ন্যায় বিভাগৰ অধ্যাপক।
তথ্যসূত্ৰ
- ↑ Justice U.U. Lalit sworn in as CJI: www.thehindu.com/news/national/justice-uu-lalit-
- ↑ Bureau, The Hindu. (2022-08-10). Justice U.U. Lalit appointed 49th Chief Justice of India. The Hindu
- ↑ (11 July 2014). SC judge appointment: Who is UU Lalit?. India Today
- ↑ (14 July 2014). Senior advocate Uday Lalit did not represent BJP leader Amit Shah in Sohrabuddin fake encounter case · Latest News & Updates at Daily News & Analysis. dna
- ↑ (23 November 2021). 7 Next CJIs. Supreme Court Observer
- ↑ (19 August 2014). Justice UU Lalit likely to be the Chief Justice of India for 74 Days; List of India's probable CJs up to 2022, Justice Bobde has the longest tenure · Live Law. Live Law
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদয় উমেশ ললিত” প্ৰবন্ধৰ সংশোধন ৪০৩৩৪৬ (২৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।